ETV Bharat / state

চাহ জনজাতিৰ লোকক ভূমি আৱন্টনৰ 868 টা প্ৰস্তাৱত অনুমোদন - চাহ জনজাতি আৰু প্ৰাক্তন চাহ সম্প্ৰদায়ক ভূমি আৱন্টন

শনিবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় বৈঠকত মিলিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ চাহ জনজাতি আৰু প্ৰাক্তন চাহ সম্প্ৰদায়ক ভূমি আৱন্টন দিয়াৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠক ৷ চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ লোকলৈ ভূমি আৱন্টনৰ 868 টা প্ৰস্তাৱত অনুমোদন ৷

minister rameswar teli meets for discussion in dibrugarh over the issue of land allocation to tea tribe

author img

By

Published : Jan 17, 2021, 7:45 PM IST

মৰাণ, 17 জানুৱাৰী : চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ লোকলৈ ভূমি আৱন্টন দিয়াৰ সন্দৰ্ভত শনিবাৰে ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী এক বৈঠকত মিলিত হয় ৷ শনিবাৰে অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ত ডিব্ৰুগড় জিলাৰ সাতটা ৰাজহ চক্ৰৰ বিপৰীতে থকা ৰাজহ চক্ৰ পৰ্যায়ৰ ভূমি আৱন্টন সমিতিৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বৈঠকত মিলিত হয় ৷

minister rameswar teli meets for discussion in dibrugarh
ৰাজহ চক্ৰ পৰ্যায়ৰ ভূমি আৱন্টন সমিতিৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী বৈঠকত মিলিত হয়

জানিব পৰা মতে উক্ত সভাত চাহ জনজাতি আৰু প্ৰাক্তন চাহ জনজাতি সম্প্ৰদায়ৰ লোকলৈ ভূমি আৱন্টনৰ 868 টা প্ৰস্তাৱত অনুমোদন জনোৱা হয় ৷ এই 868 প্ৰস্তাৱৰ ভিতৰত ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ 194 টা, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ 197টা, টিংখাং ৰাজহ চক্ৰৰ 59 টা, মৰাণ ৰাজহ চক্ৰৰ 12 টা, নাহৰকটীয়া ৰাজহ চক্ৰৰ 132টা, চাবুৱা ৰাজহ চক্ৰৰ 242 টা আৰু টেঙাখাট ৰাজহ চক্ৰৰ 32 টা প্ৰস্তাৱ আছে ৷

উক্ত সভাত ৰাজহ চক্ৰ পৰ্যায়ৰ সমিতি কেইখনৰ মনোনীত চাহ জনগোষ্ঠীৰ সদস্যসকলৰ উপৰিও ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক বিমল বৰা, লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ লগতে সাতোটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক: যোৰহাটত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.