ETV Bharat / state

মৰাণত নাহৰফুটুকী চাবলৈ ৰাইজৰ ভীৰ

author img

By

Published : Sep 1, 2021, 12:17 PM IST

নাহৰফুটুকী চাবলৈ ভীৰ লাগিল মৰাণৰ এখন গাঁৱত । ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে চাবলৈ হেতা-ওপৰা লগালে নাহৰফুটুকীটো । পিছে মৰাণৰ ক'ত ওলাইছে নাহৰফুটুকী ?

Leopard caged
মৰাণৰ হালধিবাৰীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী

মৰাণ, ১ ছেপ্তেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং হালধিবাৰীত বুধবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং হালধিবাৰী, কটকীপুখুৰী, শিলপুতা, দীঘলীয়াহোলা আদি অঞ্চলত বিগত সময়চোৱাত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ অঞ্চলটোৰ বহু লোকৰ পোহনীয়া গৰু-ছাগলী ভক্ষণ কৰি দীৰ্ঘদিনে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে ৰাইজে ৷

Leopard

বিশেষকৈ গো-পালক, ছাগলী পালকসকলৰ মাজত আতংকৰ সৃষ্টি কৰি অহাৰ পাছত হালধিবাৰী চেতিয়া গাঁৱত যোৱা ১৪ আগষ্টত পিঞ্জৰাটো স্থাপন কৰা হৈছিল । ৰাইজৰ মতে অঞ্চলটোত আৰু কেইবাটাও নাহৰফুটুকী আছে ৷ সেয়ে ৰাইজৰ স্বাৰ্থত পিঞ্জৰাটো পুনৰ স্থাপন কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

Leopard
নাহৰফুটুকী চাবলৈ ৰাইজৰ ভীৰ

ইফালে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ লগে লগে বহু লোকে নাহৰফুটুকী চাবলৈ ভীৰ কৰা দেখা যায় । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটো লৈ যোৱাৰ ব্যৱস্থা কৰিছে । বহু বছৰৰ পৰাই ৰাইজে দাবী উত্থাপন কৰি অহাৰ পাছতহে বন বিভাগে পিঞ্জৰাটো স্থাপন কৰিছিল । অৱশেষত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত বন বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : ডিমা হাছাওলৈ যাব বিচৰা নাই ট্ৰাক চালক : অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.