ETV Bharat / state

বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন

২২, ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব তৃতীয় বাৰ্ষিকী বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ । মৰাণ সমষ্টিৰ খোৱাঙৰ চেচুঘাটত হ'ব লগা এই গ্ৰন্থ উৎসৱৰ শনিবাৰে লাইখুঁটা স্থাপন কৰা হয় ।

author img

By

Published : Jan 30, 2021, 9:52 PM IST

বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন
বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন

ডিব্ৰুগড় , ৩০ জানুৱাৰী : মৰাণ সমষ্টিৰ খোৱাঙৰ চেচুঘাটত অহা ২২ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ বুঢ়ীদিহিং গ্ৰন্থ উৎসৱ-২০২১ অনুষ্ঠিত হ'ব। লেজাই-কলাখোৱা, খোৱাং, বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, বুঢ়ীদিহিং দলং আৰু বাইপাছ নিৰ্মাণ দাবী সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই গ্ৰন্থ উৎসৱৰ শনিবাৰে লাইখুঁটা স্থাপন কৰা হয় ।

বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন
বুঢ়ীদিহিং গ্ৰন্থ উৎসৱৰ লাইখুঁটা স্থাপন

আছু ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তই লাইখুঁটা স্থাপন কৰা অনুষ্ঠানটোত বুঢ়ীদিহিং নদীৰ দুয়ো পাৰৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে । ইফালে এই গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কৃষি, পশুপালন, মীন পালনৰ প্ৰশিক্ষণ শিবিৰ আৰু নিয়োগ মেলাও অনুষ্ঠিত হ'ব বুলি জনালে উদ্যোক্তা সমিতিয়ে ।

লগতে পঢ়ক :বিলাসীপাৰাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ দল-সংগঠনৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.