ETV Bharat / state

Compensation to Moina Nayak: অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে - Compensation to Moina Nayak

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ জি এম চি এইছত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক (Minister Sanjay Kishan handed over compensation check to Moina Nayak)। মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে ।

Maina Nayak received compensation by Labor Minister Sanjay Kisan
অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে
author img

By

Published : Aug 10, 2022, 10:17 PM IST

মৰাণ, 10 আগষ্ট: অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে (Compensation to Moina Nayak)। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ ফেক্টৰিত কাম কৰি থকাৰ সময়ত দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈ GMCH ত চিকিৎসাধীন হৈ থকা মইনা নায়কক আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে ক্ষতিপূৰণৰ চেক (Minister Sanjay Kishan handed over compensation check to Moina Nayak) । লেপেটকতা চাহ বাগিচা কৰ্তৃপক্ষই বিভিন্ন দল, সংগঠনৰ হেঁচাত পৰি অৱশেষত মইনা নায়কলৈ এই ক্ষতিপূৰণ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ জৰিয়তে আগবঢ়াইছে ।

মুঠ ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিছে মইনা নায়কে । শ্ৰম মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত চৰকাৰৰ তৰফৰ পৰা মইনা নায়কৰ উন্নত চিকিৎসা সেৱাৰ বাবে সকলো ধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰা তথা সহায়ৰ হাত আগবঢ়োৱাৰ সম্পূৰ্ণ প্ৰয়াস অব্যাহত ৰখা হৈছে (Dibrugarh Tea garden accident)।

অৱশেষত ক্ষতিপূৰণ লাভ কৰিলে মইনা নায়কে

শ্ৰম কল্যান বিভাগৰ দ্বাৰা বাগিচাৰ মালিক গোষ্ঠীৰ পৰা কাৰখানাত দুৰ্ঘটনাৰ সন্মুখীন হোৱা মইনা নায়কলৈ ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰাৰ পাছত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৩,৪১,৪৯৮ টকাৰ চেক প্ৰদান কৰা হৈছে । এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি কতো নঘটে তাৰ বাবে চৰকাৰ, শ্ৰম কল্যান দপ্তৰৰ দ্বাৰা সকলো ধৰণৰ ব্যৱস্থাপনা কঠোৰ ভাৱে গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে শ্ৰম মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা ১৯ জুলাইত লেপেটকটা চাহ বাগিচাৰ কলঘৰৰ চিটিচি মেচিনত সোমাই গুৰুতৰ ভাৱে আহত হৈছিল লেপেটকটাৰ চাহবাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক (Moina Nayak Incident)। প্ৰথম অৱস্থাত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ক্ষতিপূৰণ আদায় দিবলৈ বিচৰা নাছিল লেপেটকটা চাহ বাগিচাৰ কৰ্তৃপক্ষই ।

ইয়াৰ পাছতে ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দল-সংগঠনে এই সংক্ৰান্তত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । প্ৰতিবাদৰ ফলস্বৰূপে অৱশেষত দুৰ্ভগীয়া মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ (Tea garden authorities paid Compensation)।

লগতে পঢ়ক: Compensation for Moina Nayak: মইনা নায়কক ক্ষতিপূৰণ প্ৰদানৰ দাবীত নগাঁৱত আট্ছাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.