মৰাণ, ৭আগষ্ট:সোণাৰিৰ বৰহাট চাহ বাগিচাৰ পকী বেৰ ভাঙি শনিবাৰে আবেলি মঙলু লাইনৰ মদন মুৰাৰি (৪৫ )নামৰ এজন শ্ৰমিকৰ মৃত্যু ঘটে(Labour death in Sonari tea garden)। ঘটনাৰ বিৱৰণী অনুসৰি বাগিচাখনৰ এটি পুৰণি ঘৰ মেৰামতি কৰি থকা অৱস্থাতে পকী বেৰ গাত পৰাত গভীৰ আঘাত পায় শ্ৰমিকজনে । লগে লগে সংকটজনক অৱস্থাত শ্ৰমিকজনক চিকিৎসালয়লৈ নিয়া হয় । অৱশ্য়ে আদবাটতেই মৃত্যুক আঁকোৱালি লয় শ্ৰমিকজনে।
উল্লেখ্য় যে দীনেশ তেলী নামৰ লোকজনৰ ঘৰত বাগিচা পৰিচালকৰ নিৰ্দেশত পুৰণি জৰাজীৰ্ণ ঘৰটোৰ মেৰামতিৰ কামত লগাইছিল মদন মুৰাৰীক । উক্ত ঘৰটোৰ মেৰামতি কৰি থাকোতেই হঠাতে পকী বেৰখন গাত পৰে । তিনিটাকৈ কণ কণ সন্তানৰ পিতৃ আছিল মুৰাৰি । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই এটি পুৰণি জৰাজীৰ্ণ ঘৰৰ কাম কৰিবলৈ বাধ্য কৰোৱা বাগিচাৰ পৰিচালকৰ লগতে দীনেশ তেলীৰ বিৰুদ্ধে সৰৱ হৈছে আটছা । মৃত শ্ৰমিকজনৰ মৰানোত্তৰ পৰীক্ষা কৰাৰ বাবে লিখি দিয়াৰ পিছতো ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱা বুলি বৰহাট আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আটছাই(ATSA demand compensation)। অৱশ্য়ে আটছাকে ধৰি বিভিন্ন দল-সংগঠনৰ হেঁচাত পৰৱৰ্তী সময়ত মদন মুৰাৰীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষা কৰাবলৈ বাধ্য হয় বৰহাট আৰক্ষীয়ে । আনহাতে,মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে আটছাই ।
লগতে পঢ়ক:Garia Maria desi jatia parisad protest: বিলাসীপাৰাত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ পদযাত্ৰা