ETV Bharat / state

Rehabilitation of Kordoiguri flood victims: শীঘ্ৰেই ভূমি লাভ কৰিব ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে - Diwali 2022

ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে অতি শীঘ্ৰেই লাভ কৰিব মাটি (Kordoiguri flood victims will soon receive land)। পোহৰৰ উৎসৱ দীপান্বিতাৰ (Diwali 2022) দিনাই এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।

Kordoiguri flood victims will soon receive land
শীঘ্ৰেই ভূমি লাভ কৰিব ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে
author img

By

Published : Oct 24, 2022, 10:53 PM IST

ডিব্ৰুগড়, 24 অক্টোবৰ: ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে অতি শীঘ্ৰেই লাভ কৰিব মাটি (Kordoiguri flood victims will soon receive land)। পোহৰৰ উৎসৱ দীপান্বিতাৰ (Diwali 2022) দিনাই এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে ।

‘‘চৰকাৰ, উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়া, আমি সকলো তেওঁলোকৰ পক্ষত আছো আৰু অতি শীঘ্ৰে ইয়াৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজহ মন্ত্ৰী যোগেন মহনে । সোমবাৰে চৰাইদেউৰ মৰাণত এটা চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে (MinisterJogen Mohan) ।

উল্লেখ্য যে, 1992 চনৰ পৰাই বান-গৰাখহনীয়াৰ কৱলত পৰি আশ্ৰয়হীন হোৱা প্ৰায় 600 তকৈও অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন-যাপন কৰি আহিছে । কিন্তু শেহতীয়াকৈ কৰ্দৈগুৰিৰ 24 টা পৰিয়ালক চৰকাৰে সংস্থাপনৰ বাবে 1 বিঘাকৈ ভূমি আৱণ্টন দিছিল যদিও সেই ভূমিৰ পৰা ৰূপক দত্ত নামৰ এজন লোকে অতি অমানৱীয়ভাৱে খেদি পঠিয়াইছিল । যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিগত 31 জুলাইৰ পৰা ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গনত আশ্ৰয় শিবিৰ পাতি থাকিব লগা হৈছে ( Rehabilitation of Kordoiguri flood victims)।

শীঘ্ৰেই ভূমি লাভ কৰিব ডুমডুমা কৰ্দৈগুৰিৰ 24 টা ভূমিহীন পৰিয়ালে

ইতিমধ্যে বিগত 7 আগষ্টত ডুমডুমাৰ বিতৰ্কিত চাহ ব্যৱসায়ী ৰূপক দত্তক গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে ৷ ফিল’বাৰীৰ টেঙানি সোণজানত বিতৰ্কিত চাহ ব্যৱসায়ীগৰাকীৰ অবৈধ চাহ বাগান উচ্ছেদ কৰি প্ৰশাসনে কৰ্দৈগুৰিৰ বান-খহনীয়াত সৰ্বস্বান্ত হোৱা ২৪টা পৰিয়ালক সংস্থাপিত কৰিছিল যদিও সেই স্থানৰ পৰা ৰূপক দত্তই খেদি পঠিওৱাৰ পিছতে ফিল’বাৰী আৰু ডুমডুমা থানাত ৰূপক দত্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ৷ এই গোচৰৰ ভিত্তিতেই ৰূপক দত্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে(Tinsukia police arrested Rupak Dutta) ।

মনকৰিবলগীয়া যে, বিগত কেবাবছৰ ধৰি ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে ডুমডুমা কৰ্দৈগুৰিৰ এই 24 টা ভূমিহীন পৰিয়াল কেইটাক সংস্থাপন দিয়াৰ উদ্দেশ্য প্ৰতিবাদ কৰি আহিছে ৷

লগতে পঢ়ক: Assam actor Nipon Goswami: বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.