মৰাণ, 15 মে’ : ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ দিয়াত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ৰাজ্যৰ ক্ৰীড়া বিভাগ । ফলত কলকতাত অনুষ্ঠিত হ'বলগীয়া Wako India children, cadet and junior National kickboxing championship ত অসমৰ হৈ অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ পিছতো থমকি ৰৈছে ডিব্ৰুগড়ৰ কিক্ বক্সাৰ কুমকুম চেতিয়া । প্ৰতিভাসম্পন্ন কিক্ বক্সাৰ কুমকুম চেতিয়াৰ আৰ্থিক অভাৱৰ বাবে অহা ২১ জুনত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে ।
ডিব্ৰুগড়ৰ পানীতোলাৰ ধৰিয়াৰৈতক গাঁৱৰ সুৰঞ্জিৎ চেতিয়া আৰু কৰুণামণি চেতিয়াৰ জ্যেষ্ঠ কন্যা কুমকুমক এতিয়া মাথোঁ চৰকাৰ, দল-সংগঠন, অসমবাসী ৰাইজৰ সহায়-সহযোগিতা, দিহা-পৰামৰ্শৰ প্ৰয়োজন । জ্ঞানম পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী কুমকুমে ঘৰৰ চোতালতে দেউতাকৰ সৈতে বৰ্তমানেও অনুশীলন চলাই গৈছে । শেহতীয়াকৈ গোলাঘাটত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল কুমকুম ।
ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিলৈ সুবিধা পোৱা এই গৰাকীৰ প্ৰতিভাসম্পন্ন খেলুৱৈৰ খবৰ ল'বলৈ সময় নাই ৰাজ্যৰ ক্ৰীড়া বিভাগৰ । আপোনাৰ অকণ সঁহাৰিয়ে প্ৰতিভাসম্পন্ন খেলুৱৈ কুমুকুমৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াব পাৰে । কুমকুমৰ পৰিয়ালৰ লোকে খেলুৱৈৰগৰাকীৰ সৈতে যোগাযোগ কৰাৰ বাবে প্ৰদান কৰিছে এই নম্বৰ 70020 95227 ।
লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যক প্ৰতিনিধিত্ব কৰিব ৰাজ্যৰ ৭০ গৰাকী খেলুৱৈ