ETV Bharat / state

সাংবাদিকৰ বাঁহীৰ সুৰত মন উৰুঙা হ’ল নাচনীৰ - চহা অসমীয়া

সংবাদ সংগ্ৰহত সদাব্যস্ত সাংবাদিক সকলেও মৰাণত ঢোলৰ চেও, বিহু নামৰ সুৰত বাঁহী বজাই নাচনিৰ সৈতে বিহু নাচি আনন্দ উৎসাহেৰে পাৰ কৰিলে এটা দিন ৷ সকলোৱে বিহুকলৈ ব্যস্ত হৈ পৰাৰ বাতৰি সমগ্ৰ কৰাৰ মাজতে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক হিৰণ্য কৌশিক বৰাই বজোৱা বাঁহীৰ সুৰে আপ্লুত কৰিলে সকলোকে ৷

সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু

author img

By

Published : Apr 11, 2021, 9:11 AM IST

Updated : Apr 11, 2021, 1:34 PM IST

মৰাণ,11 এপ্ৰিল : অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান হেঁপাহৰ ৰঙালী বিহুৰ আগমনে জীপাল কৰি তুলিছে চহা অসমীয়াৰ মন প্ৰাণ ৷ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ অতিকৈ চেনেহৰ ব'হাগৰ আগমনত এতিয়া সৰ্বত্ৰে পৰিলক্ষিত হৈছে ভীষণ ব্য়স্ততা ৷ এই বহাগক লৈ এতিয়া অসমীয়াৰ প্ৰাণে-মনে উঠিছে আনন্দৰ লহৰ ৷ প্ৰতিজন অসমীয়াই হেঁপাহৰ বিহুটি পাতিবলৈ বিভিন্ন ধৰণে চলাইছে প্ৰস্তুতি।

সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু
সংবাদ সংগ্ৰহৰ মাজতে সাংবাদিকেও নাচিলে বিহু

কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰুলৈ সকলোৱে বিহুকলৈ ব্যস্ত হৈ পৰাৰ বাতৰি সমগ্ৰ কৰাৰ মাজতে ডিব্ৰুগড়ত সাংবাদিকেও মাৰিলে বিহু ৷ সংবাদ সংগ্ৰহত সদাব্যস্ত সাংবাদিক সকলেও ঢোলৰ চেও, বিহু নামৰ সুৰত বাঁহী বজাই নাচনিৰ সৈতে বিহু নাচি আনন্দ উৎসাহেৰে পাৰ কৰিলে এটা দিন ৷ মৰাণত সংবাদ সংগ্ৰহ কৰিবলৈ গৈ ডিব্ৰুগড়ৰ সাংবাদিক হিৰণ্য কৌশিক বৰাই বজোৱা বাঁহীৰ সুৰে আপ্লুত কৰিলে সকলোকে ৷

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংযোজন হ’ল তিনিটাকৈ গঁড়ৰ পোৱালী

Last Updated : Apr 11, 2021, 1:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.