মৰাণ, 28 জুন : দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলৰ 'বি' টাইপ ২৮ নম্বৰ আৱাসগৃহত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তথা আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীৰ ঘৰত বিগত তিনিবছৰ ধৰি বনকৰা ছোৱালী হিচাপে আশানী কিষান নামৰ কিশোৰী গৰাকী নিয়োজিত হৈ আছিল । কিন্তু দেওবাৰে চীপ লোৱা অৱস্থাত গুণৰঞ্জন ৰাজবংশীৰ গেৰেজত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷
চিপ লোৱা অৱস্থাত পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাত চীপ কাটি নমাই আনে যদিও কিশোৰী গৰাকীৰ মৃত্যু হয় ৷ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰিছে ৷
ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি আৱাসগৃহটোৰ গৰাকী গুণৰঞ্জন ৰাজবংশীক সোধ-পোছৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ কিশোৰীগৰাকীৰ এনে অপমৃত্যুৰ পাচতে, সমগ্ৰ ঘটনা এক ৰহস্যজনক ঘটনা বুলি মন্তব্য কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই উচিত তদন্ত কৰিবলৈ দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বেও নগাঁৱৰ ৰহাতো সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ চুমিলা ৰংহাংপী নামৰ এগৰাকী বনকৰা কিশোৰীৰ মৃত্যুয়ে কপাঁই গৈছিল সমগ্ৰ ৰাজ্য ৷ কাৰ্বি আংলঙৰ কিশোৰী গৰাকীৰ ৰহস্য জনক হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল সমগ্ৰ অসম ৷
ঘৰৰ মুৰব্বী আৰু পুত্ৰই মিলি দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলাই অহা কিশোৰী গৰাকীৰ মৃতদেহ অৰ্ধদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল ৷ ঘৰৰ পিছফালে উদ্ধাৰ হোৱা কিশোৰী গৰাকী মৃত্যুৰ সময়ত গৰ্ভৱতী আছিল বুলিও মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে ৷ দেওবাৰে দুলীয়াজানত সংঘটিত ঘটনাৰ আচল ৰহস্য আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক: ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ দাবী বজালীবাসীৰ