ETV Bharat / state

মেধাৱী ছাত্ৰী বৰ্ণালীলৈ চাচনীৰ যুৱনেতাৰ সহায়ৰ হাত - Barnali Hazarika

দৰিদ্ৰ ছাত্ৰী গৰাকীয়ে 70 শতাংশ নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ চাচনী কনিষ্ঠ মহিবিদ্যালয়ত অধ্যয়ন কৰি আছে ৷ কিন্তু পৰিতাপৰ কথাটো হ’ল মেধাৱী ছাত্ৰী গৰাকীৰ ঘৰত বহি পঢ়িব পৰাকৈ ব্যৱস্থা নাই এযোৰ চকী-মেজৰ ৷ এইকথা জানিব পাৰি বৃহত্তৰ চাচনী মৌজাৰ এজন যুৱ সমাজকৰ্মী শৰৎ চাৰিঙীয়া ফুকনে তেখেতৰ নিজ সামৰ্থ অনুযায়ী ছাত্ৰীগৰাকীক পঢ়াশুনাৰ বাবে প্ৰদান কৰিছে এযোৰ চকী মেজ ।

মেধাৱী ছাত্ৰী বৰ্ণালীলৈ চাচনীৰ যুৱনেতাৰ সহায়ৰ হাত

author img

By

Published : Jul 16, 2020, 8:13 PM IST

Updated : Jul 16, 2020, 10:01 PM IST

ডিব্ৰুগড়, 16 জুলাইঃ নাহৰকটীয়া চহৰৰ পৰা প্ৰায় ২০ কিমি নিলগৰ এখন ভিতৰুৱা গাঁওৰ এগৰাকী মেধাৱী ছাত্ৰী,নাম বৰ্ণালী হাজৰিকা। এখন জৰাজীৰ্ণ চালি আৰু ভাগি পৰা চাৰিবেৰৰ মাজতে জীৱন গঢ়াৰ সংকল্প বৰ্ণালীৰ। মাতৃয়ে নিজাকৈ বাম খেতি কৰি তথা আনৰ পথাৰত ৰোৱনী হিচাপে হাজিৰা কৰি বহু কষ্টৰে পৰিয়ালটি পোহপাল দিয়াৰ ওপৰিও শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন পূৰাইছে বৰ্ণালীৰ ।

মেধাৱী ছাত্ৰী বৰ্ণালীলৈ চাচনীৰ যুৱনেতাৰ সহায়ৰ হাত

জীৱনৰ কঠিনতাৰ মুখামুখি হোৱা ছাত্ৰীগৰাকীয়ে স্থানীয় যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ চাচনী কনিষ্ঠ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ পাঠদান গ্ৰহণ কৰি আছে ৷ কিন্তু পৰিতাপৰ কথাটো হ'ল মেধাৱী ছাত্ৰী গৰাকীৰ ঘৰত বহি পঢ়িব পৰাকৈ ব্যৱস্থা নাই এযোৰ চকী-মেজৰ ৷ আৰু এইকথা জানিব পাৰি বৃহত্তৰ চাচনী মৌজাৰ এজন যুৱ সমাজকৰ্মী শৰৎ চাৰিঙীয়া ফুকনে তেখেতৰ নিজ সামৰ্থ অনুযায়ী ছাত্ৰীগৰাকীক পঢ়াশুনাৰ বাবে প্ৰদান কৰিছে এযোৰ চকী মেজ ৷

সমাজকৰ্মী শৰৎ চাৰিঙীয়া ফুকন
সমাজকৰ্মী শৰৎ চাৰিঙীয়া ফুকন

বৰ্ণালী হঁতৰ থকা ঘৰটোৰ অৱস্থাও তেনেই তথৈবছ ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত পৰিয়ালটোৱে বৰ্তমানৰ পৰিবৰ্তনৰ ঢাক-ঢোল বজাই সৰ্বাংগীণ উন্নয়নৰ কথা কোৱা বিজেপি মিত্ৰজোতৰ চৰকাৰখনৰ পৰাও আজিলৈকে লাভ কৰিবলৈ সক্ষম নহ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ এটা ঘৰ ৷ ঘৰটোৰ বাবে বহু আবেদন নিবেদন কৰিও বিফল মাতৃগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে তেওঁলোকলৈ এবাৰ চকু মেলি চাবলৈকে আহ্বান জনালে চৰকাৰক ৷

ইপিনে স্থানীয় বিধায়ক নৰেন সোণোৱালে সেই বাতেৰে প্ৰায়ে অহা যোৱা কৰে যদিও কোনোদিনে চকুত পৰা নাই দৰিদ্ৰ পৰিয়ালটোৰ এই উৰুখা পঁজাটোলৈ ৷ আৱাস যোঁজনাৰ অন্যান্য হিতাধিকাৰী দৰিদ্ৰ পৰিয়ালটোৱে বিধায়কক চৰকাৰী অনুদানৰ বাবে আবেদন কৰিও কোনোধৰণৰ সুবিধা নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অৱশ্যে চকী-মেজৰ যোগান ধৰিবলৈ আহি জৰাজীৰ্ণ অৱস্থাত প্ৰত্যক্ষ কৰা ঘৰটো ৰাইজৰ সহযোগত তেওঁৰ সামৰ্থ অনুযায়ী বাঁহেৰে পানী নপৰাকৈ থাকিব পৰাকে মেৰামতি কৰি দিয়াৰ কথা উল্লেখ কৰে উদীয়মান সমাজকৰ্মী জনে ৷

বিধায়ক নৰেন সোণোৱালে
বিধায়ক নৰেন সোণোৱালে

লগতে পঢ়কঃ ইক' প্রজেক্ট হিচাপে গঢ়ি তোলা হ'ব বৰাইল পাহাৰক

Last Updated : Jul 16, 2020, 10:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.