মৰাণ, 24 আগষ্ট: ৰাজ্যত শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী । ১৯৪৯ চনত গঠন কৰা হৈছিল অসম গাঁওৰক্ষী বাহিনী । সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চলসমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰি নাৰায়ণ বৰুৱাই ৭৩ বছৰ পূৰ্বে গঠন কৰিছিল গাঁওৰক্ষী বাহিনী নামৰ সংগঠনটো ৷
৭৩ বছৰ পূৰ্বে গঠন হোৱা গাঁওৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মঙলবাৰে সম্পূৰ্ণ হয় 53 সংখ্যক মৃত্যু তিথি (Village Defence Party founder Harinarayan Baruah)। মঙলবাৰে মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীয়ে গাঁওৰক্ষী কাৰ্যালয়ত প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথি উপলক্ষে আয়োজন কৰে এক অনুষ্ঠান।
হৰিনাৰায়ণ বৰুৱাৰ মৃত্যু তিথি আয়োজনৰ এই অনুষ্ঠানতেই গ্ৰাম্য প্ৰহৰী নামৰ এখন গ্ৰন্থও উন্মোচন কৰা হয় (Harinarayan Baruah Death anniversary) ৷ এই অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী, অসম গৌৰৱ শিপিনী হেমপ্ৰভা চুতীয়া, মোহনলাল উপাধ্যায়ৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে ।
আনহাতে অনুষ্ঠানটোত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে অংশ লৈ কয়, গাঁওৰক্ষী বাহিনীয়ে গ্ৰাম্য অঞ্চলত শান্তি শৃংখলা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অনাগত দিনত অধিক শক্তিশালী ভাৱে গাঁওৰক্ষী বাহিনীক কাম কৰিবলৈ আহ্বান জনাই বিধায়গৰাকীয়ে ।
লগতে পঢ়ক: কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু তিথি পালন