ডিব্ৰুগড়, 2এপ্ৰিল: বৃহস্পতিবাৰে অসমৰ বিভিন্ন স্থানত প্ৰকৃতিৰ ধ্বংস লীলা ৷ ডিব্ৰুগড়ৰৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিয়ে চলালে তাণ্ডৱ ৷
নিশা প্ৰায় 9:30 বজাৰ পৰা ডিব্ৰুগড় চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত কোবাই যোৱা ধুমুহা-শিলাবৃষ্টি জাকৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱাৰ বতৰা পোৱা গৈছে । বহু ভিতৰুৱা গাঁৱৰ বিশেষ কৈ কেঁচা ঘৰ,টিনপান উৰুৱাই লৈ গ'ল এইজাক ধুমুহাই ।
প্ৰৱল বৃষ্টিপাতৰ ফলত ঘৰ-দোৱাৰ, গছ-গছনি উভালি নিয়াৰ লগতে নিশা বিদ্যুৎ সংযোগো বিচ্ছিন্ন হৈ পৰে ডিব্ৰুগড় চহৰত ।
লগতে পঢ়ক: কাৰ্বি আংলঙত ৩২গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ইভিএমত