ডিব্ৰুগড়,13 মে’: কৰ’ণাতংকৰ মাজত ৰাজপথত জ্বলিল গুটখা-পাণ মচলাৰ সহস্ৰাধিক পেকেট । মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত মঙলবাৰে গুটখাৰ বিৰুদ্ধে চলিল তীব্ৰ অভিযান । জিলাখনৰ কেইবাটাও দল-সংগঠন বিশেষকৈ টাই আহোম যুৱ পৰিষদ,অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ নেতৃত্বত ডিব্ৰুগড় চহৰৰ চৌকিডিংগিত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ।
উল্লেখ্য যে, কৰ’ণা সংক্ৰমণৰ সম্ভাৱনীয়তাৰ বাবে ৰাজহুৱা স্থানত থু-পিক পেলোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশ জাৰি কৰাৰ সময়তে চহৰখনত অব্যাহত আছিল গুটখাৰ ক’লা বজাৰ ৷ বিভিন্ন ব্যৱসায়ীয়ে চহৰখনত এই সামগ্ৰীসমূহৰ তিনিগুণ মূল্যবৃদ্ধিৰে চোৰাংকৈ দীৰ্ঘদিনে বিক্ৰী কৰি আহিছিল । সেয়ে চহৰখনৰ ভিন্ন প্ৰান্তত কেইবাটাও জাতীয় সংগঠনে অভিযান চলাই বহু পৰিমাণৰ পাণ মচলা-গুটখা আদি জব্দ কৰি ৰাজপথত জ্বলাই দিয়ে ৷
লগতে চাওকঃ মুম্বাইৰ পৰা বাছ যোগে গুৱাহাটীত উপস্থিত কৰ্কট ৰোগী