ETV Bharat / state

মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ দধীয়া-লাইকাৰ মিচিং ৰাইজক আজিও ঢুকি নাপালে উন্নয়নে ! - উন্নয়ন খণ্ডৰ বিন্ধাকটা গাঁও পঞ্চায়ত

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ বিন্ধাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দধীয়া আৰু তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ গুইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইকাবাসীয়ে দুখ-যন্ত্ৰণাৰ মাজেদি পাৰ কৰিছে জীৱন। প্ৰতিবছৰে অহা বানপানীয়ে সৰ্বস্বান্ত কৰা এইসকল লোকে বানপানীৰ সময়তো অসহায় অৱস্থাত জীৱন কটায় যদিও এইসকল বাসিন্দাইও জনপ্ৰতিনিধিক ভোট দি নিৰ্বাচন কৰে । কিন্তু বঞ্চিত হয় তেওঁলোকৰ প্ৰাপ্যৰ পৰা । আজি পৰ্যন্ত চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে দধীয়া-লাইকাবাসীয়ে ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ দধীয়া-লাইকাৰ প্ৰায় ১২ হাজাৰ মিচিং ৰাইজক আজিও ঢুকি নাপালে উন্নয়নে !

author img

By

Published : Dec 8, 2020, 10:37 PM IST

মৰাণ,8 ডিচেম্বৰঃ উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত থকা বনগাঁও দধীয়া-লাইকাৰ প্ৰায় ২,১২৯ টা পৰিয়ালে মৰুভূমি সদৃশ বালিচৰ তথা সেউজ বৰণীয়া অৰণ্যৰ মাজত থকা বন্য জীৱ-জন্তুৰে সহবাস কৰিবলগীয়া হৈছে । আধুনিক বিশ্বায়নৰ যুগতো আদিম যুগৰ কায়দাৰে জীৱন অতিবাহিত কৰিছে এইসকল লোকে ।

ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ বিন্ধাকটা গাঁও পঞ্চায়তৰ অন্তৰ্গত দধীয়া আৰু তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ গুইজান গাঁও পঞ্চায়তৰ অন্তৰ্গত লাইকাবাসীয়ে দুখ-যন্ত্ৰণাৰ মাজেদি পাৰ কৰিছে জীৱন । প্ৰতিবছৰে অহা বানপানীয়ে সৰ্বস্বান্ত কৰা এইসকল লোকে বানপানীৰ সময়তো অসহায় ৰূপত জীৱন কটায় আহিছে যদিও এইসকল বাসিন্দাই জনপ্ৰতিনিধিক ভোট দি নিৰ্বাচন কৰে । কিন্তু বঞ্চিত হয় তেওঁলোকৰ প্ৰাপ্যৰ পৰা । আজি পৰ্যন্ত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে দধীয়া-লাইকাবাসীয়ে ।

মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ দধীয়া-লাইকাৰ প্ৰায় ১২ হাজাৰ মিচিং ৰাইজক আজিও ঢুকি নাপালে উন্নয়নে !

চৰকাৰৰ প্ৰশাসন তথা জনপ্ৰতিনিধিৰ সু-দৃষ্টি নপৰা এইসকল বাসিন্দাই নদীত মাছ ধৰা, বনাঞ্চলৰ পৰা শুকান খৰি আনি বিক্ৰী কৰা, খৰালী কালত সৰিয়হৰ খেতিকে ধৰি বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি আৰু বাৰিষা কালত বিভিন্ন জাতৰ ধান খেতিৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অৱশিষ্ট এলেকাত গঢ় লৈ উঠা চৰ-চাপৰিক কেন্দ্ৰ কৰি গৰু ম'হ পালনেই হ'ল এইসকল বাসিন্দাৰ প্ৰধান জীৱিকা ।

বিজেপি চৰকাৰে নিৰ্বাচনৰ আগমূহুৰ্তত দধীয়া লাইকাবাসীক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজিলৈকে পুনৰ সংস্থাপন বিষয়টোৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰোৱাত এতিয়া দধীয়াবাসী ৰাইজ গৰজি উঠিছে । চৰকাৰী উন্নয়নমূলক আঁচনিৰ নামত আজিকোপতি বনগাঁৱৰ অঞ্চল দুটাত মাটি এচপৰাও পৰা নায় । ইপিনে প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে অহা নিৰ্বাচন সমূহত ৰাজনৈতিক নেতা-পালিনেতাসকলে বিভিন্ন আঁচনিৰ প্ৰলোভন দি সহজ-সৰল নিৰক্ষৰ বনগাঁওবাসীৰ পৰা ঘৰিয়ালৰ চকুপানী টুকি ভোট ভিক্ষা কৰে যদিও বিজয়ী হোৱাৰ পাছত পাহৰি যায় এইসকল লোকক দি যোৱা সকলো প্ৰতিশ্ৰুতি ।

লগতে পঢ়কঃ বিটিচিৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.