ETV Bharat / state

Flood hits Dibrugarh : ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ, নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

author img

By

Published : Jul 15, 2023, 1:23 PM IST

ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ ৷ খোৱাং মইনা গাঁ‌ৱত বুঢ়ীদিহিং নদীৰ ভগ্ন ৰিং বান্ধেৰে পানী সোমাই বুৰায় পেলালে বিস্তীৰ্ণ অঞ্চল ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

Flood hits Dibrugarh
ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ
ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ

ডিব্ৰুগড়, 15 জুলাই : নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়িছে বুঢ়ীদিহিং নৈ । আৰম্ভ হৈছে বানৰ তাণ্ডৱ । ফেনে ফুটুকাৰে বাঢ়ি অহা বুঢ়ীদিহিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে মৰাণ সমষ্টিৰ খোৱাঙৰ এটা বিস্তীৰ্ণ অঞ্চল । খোৱাঙৰ মইনা গাঁ‌ৱকে ধৰি প্ৰায় 5 খন গাঁ‌ৱৰ পথ, খেতি পথাৰ আদি এতিয়া পানীৰ তলত ।

মইনা গাঁ‌ৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ পানীৰ তলত । বহু পৰিয়াল উপায়বিহীন হৈ মথাউৰিত সাজু কৰিছে আশ্ৰয় স্থান । মইনা গাঁ‌ৱলৈ যোৱা মূল পথটো বাঢ়নী পানীয়ে বুৰাই পেলোৱাত যাতায়তৰ ক্ষেত্ৰত এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গাঁ‌ওখনত । 5 বছৰৰ পূৰ্বে বুঢ়ীদিহিং নদীৰ কাষতে থকা ৰিং বান্ধটো বাঢ়নী পানীয়ে খোৱাং মইনা গাঁ‌ৱত প্ৰায় 600 মিটাৰ ভাঙি পেলাইছিল । পৰৱৰ্তী সময়ত চৰকাৰে ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত প্ৰতি বছৰে নদীৰ বাঢ়নী পানী ভগ্ন ৰিং বান্ধেৰে সোমাই প্লাবিত কৰি পেলায় গাঁ‌ওকেইখন ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে জন প্ৰতিনিধি, জলসম্পদ বিভাগ কোনেও গুৰুত্ব নিদিয়ে ভগ্ন ৰিং বান্ধটো মেৰামতিৰ ক্ষেত্ৰত । যাৰ ফলত বানৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে ৰাইজে । স্থানীয় ৰাইজে সেয়ে মুখ্যমন্ত্ৰীৰ লগতে জলসম্পদ মন্ত্ৰীগৰাকীৰ সহযোগিতা কামনা কৰিছে এইক্ষেত্ৰত । ৰাইজৰ অভিযোগ মইনা গাওঁৰ ৰিং বান্ধটো সময়ত নিৰ্মাণ কৰি দিয়া হ'লে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া নহ’লহেতেঁন । কিন্তু প্ৰতিবছৰে বিভাগৰ লোকে ভগ্ন ৰিং বান্ধটো পৰিদৰ্শন কৰে যদিও নিৰ্মাণৰ ব্যৱস্থা নকৰাত ইতিমধ্যে কেইবাটাও পৰিয়ালে হেৰুৱাব লগা হ'ল ভেটি মাটিৰ লগতে খেতি পথাৰ ।

মুখ্যমন্ত্ৰীয়ে সকলো ভগ্ন মথাউৰিত ৰিং বান্ধ নিৰ্মাণৰ নিৰ্দেশ দিয়াৰ পাছতো আজি পৰ্যন্ত বুঢ়ীদিহিঙৰ ৰিং বান্ধ নিৰ্মাণ নোহোৱাটোৱে চৰকাৰ প্ৰশাসনৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক : Laharighat electrical sub-division : ৰাইজলৈ বিদ্যুৎ মিটাৰ জ্বলাই দিয়াৰ আহ্বান শক্তি বিভাগৰ কৰ্মচাৰীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.