ETV Bharat / state

বুঢ়ীদিহিঙৰ ভয়াৱহ গৰা-খহনীয়াত ত্ৰস্তমান 3 নং চৰাইহাবী গাঁৱবাসী

author img

By

Published : Feb 21, 2020, 7:08 PM IST

বুঢ়ীদিহিং গৰা-খহনীয়াৰ ধ্বংসলীলা ৷ 3 নং চৰাইহাবীত গৰা-খহনীয়াৰ কালৰূপ ৷ খহনীয়াত জাহ গৈছে বিস্তৰ কৃষিভূমিৰ লগতে বহু মূল্যবান গছ-গছনি, গাঁৱৰ আলিবাট ৷ ইয়াৰ পাচতো খবৰ ল’বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ ৷

EROSION OF BURHI DIHING RIVER, বুঢ়ীদিহিঙৰ ভয়াৱহ গৰা-খহনীয়াত ত্ৰস্তমান 3 নং চৰাইহাবী গাঁৱবাসী
বুঢ়ীদিহিঙৰ ভয়াৱহ গৰা-খহনীয়াত ত্ৰস্তমান 3 নং চৰাইহাবী গাঁৱবাসী

মৰাণ, 21 ফেব্ৰুৱাৰীঃ মৰাণৰ সমীপৱৰ্তী মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত 3 নং চৰাইহাবিত ভয়াৱহ ৰূপ গৰা-খহনীয়াৰ ৷ বুঢ়ীদিহিঙৰ গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰিছে 3 নং চৰাইহাবীত ৷দীৰ্ঘদিনৰ পৰাই হৈ থকা খহনীয়াত অঞ্চলটোৰ বহু লোকৰ মাটি-ভেঁটি জাহ যোৱাৰ পাচতো কোনো কাণষাৰ নাই চৰকাৰ অথবা জনপ্ৰতিনিধিৰ ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত এই গাঁৱখনত বিগত প্ৰায় এটা দশক ধৰি এনেদৰে কালৰূপ ধাৰণ কৰি আহিছে বুঢ়ীদিহিঙৰ গৰা-খহনীয়াই ৷ ইতিমধ্যে ভয়াৱহ খহনীয়াত বহু লোকে বাৰম্বাৰ ঘৰৰ ভেটি সলাবলৈ বাধ্য হৈছে ৷ গাঁৱখনত থকা একমাত্ৰ বিদ্যালয়খনো স্থানান্তৰ কৰিবলগীয়া হৈছে ।

বুঢ়ীদিহিং গৰা-খহনীয়াৰ ধ্বংসলীলা

খহনীয়াত জাহ গৈছে বিস্তৰ কৃষিভূমিৰ লগতে বহু মূল্যবান গছ-গছনি,গাঁৱৰ আলিবাট,বিদ্যুতৰ খুঁটা পৰ্যন্ত ৷ কিন্তু জনসাধাৰণৰ এনে দুৰৱস্থাৰ পিচতো খবৰ ল’বলৈ আহৰি নাই স্থানীয় জনপ্ৰতিনিধিৰ ৷ খহনীয়া ৰোধৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ ফলত মাটি-ভেটি হেৰুৱাৰ গভীৰ সংকটত পৰিছে গাঁৱবাসী ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.