ডিব্ৰুগড়, ১৪ জুন : অবৈধভাৱে ড্ৰাগছ(DRUGS)ৰ সৰবৰাহ কৰি অৰুণাচল আৰক্ষীৰ জালত পৰিল প্ৰাক্তন আলফা সদস্য । অৰুণাচল প্ৰদেশ((Arunachal Prades)ৰ নামচাই জিলাৰ ডিৰাক তালাচী চকীত এখন বাইকত তালাচী চলাই আৰক্ষীয়ে ব্ৰাউন চুগাৰ জব্দ কৰে ।
ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰণৱ ৰাজখোৱা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে । এখন বুলেট বাইকৰ ছীট কভাৰৰ তলত লুকুৱাই আনিছিল ব্ৰাউন চুগাৰ(Brown Sugar)খিনি । আৰক্ষীয়ে ১৩ গ্ৰামকৈ মুঠ ২৬ গ্ৰামৰ দুটা ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে । ধৃত সৰবৰাহকাৰীজনৰ ঘৰ নামচাইৰ দুইমাইল গাঁৱত । ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছতে আৰক্ষীয়ে প্ৰণৱ ৰাজখোৱাক গ্ৰেপ্তাৰ কৰাৰ লগতে বাইকখন জব্দ কৰে ।
ইতিমধ্যে নামচাইৰ মহাদেৱপুৰ থানাত NDPS আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । জব্দ কৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় এক লাখ টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে ।