ETV Bharat / state

ডিব্ৰুগড়ত ড্ৰাগছ আসক্ত যুৱকৰ আক্ৰমণত আহত এজন

ডিব্ৰুগড়ৰ মিলন নগৰ টি ভি চেন্টাৰৰ সমীপত ড্ৰাগছ আসক্ত যুৱকে আক্ৰমণ কৰে এজন লোকক । চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত সামান্য আঘাতপ্ৰাপ্ত লোকজন । আৰক্ষীয়ে আক্ৰমণকাৰী জনক আটক কৰে যদিও ক'ভিডত আক্ৰান্ত হোৱাৰ বাবে যুৱকজনক ক'ভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় ।

author img

By

Published : Jun 10, 2021, 10:46 PM IST

drugs addicted boy attack a person
ডিব্ৰুগড়ত ড্ৰাগছ আসক্ত যুৱকৰ আক্ৰমণ আহত এজন

ডিব্ৰুগড়, ১০ জুন : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে সৰবৰাহকাৰী,ব্যৱসায়ী আৰু বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । তেনে সময়তে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাত । ড্ৰাগছ ক্ৰয় কৰিবলৈ নাপায় এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ এজন ড্ৰাগছ আসক্ত যুৱকৰ । ডিব্ৰুগড়ৰ মিলননগৰ টি ভি চেন্টাৰৰ সমীপৰ চিটি মহাবিদ্যালয়ৰ ওচৰত সংঘটিত হৈছে এই ঘটনা ।

অভিযোগ অনুসৰি নিৰ্মালী গাঁৱৰ ৰঞ্জুমণি কাকতি নামৰ ড্ৰাগছ আসক্ত যুৱকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে মানকটা টেপৰ গাঁৱৰ সদা সোণোৱাল ওৰফে মুহিধৰ সোণোৱাল নামৰ লোকজনক । এই ঘটনাত আহত হৈছে মুহিধৰ সোণোৱাল নামৰ লোকজন । সম্প্ৰতি তেওঁ চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আক্ৰমণকাৰী যুৱকজনক । অৱশ্যে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাত যুৱকজনৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । লগে লগে যুৱকজনক প্ৰেৰণ কৰা হৈছে ক'ভিড কেয়াৰ চেণ্টাৰলৈ ।

লগতে পঢ়ক:ৰাজ্যত পুনৰ আক্ৰমণৰ বলি চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.