ETV Bharat / state

ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদকক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক তথা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নয়ন দাস। যোৱা ১ জুলাইত বিজেপি নেতা জনৰ পত্নী তৰা দাসৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল শোৱনি কোঠাত।

dibrugarh district bjp secretary arrested

author img

By

Published : Jul 6, 2020, 5:05 AM IST

ডিব্ৰুগড়, 5 জুলাই : ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল বিজেপি নেতা । ১ জুলাইত স্বামী গৃহত পত্নীৰ ৰহস্যজনক মৃত্যু হোৱাৰ পাচতে গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক তথা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি নয়ন দাস। দেওবাৰে নিশা ডিব্ৰুগড়ৰ বাণীপুৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিজেপি নেতাজনক।

যোৱা ১ জুলাইত বিজেপি নেতা জনৰ পত্নী তৰা দাসৰ মৃতদেহ ৰহস্যজনক ভাৱে উদ্ধাৰ হৈছিল শোৱনি কোঠাত। নয়ন দাসৰ পত্নী তৰা দাস আছিল বিধায়ক প্ৰশান্ত ফুকনৰ পালিত কন্যা । কিন্তু ছয় বছৰৰ পূৰ্বে নয়ন দাসৰ সৈতে প্ৰেম বিবাহ হোৱাৰ পাচৰে পৰা বিধায়কজনৰ সৈতে কোনো সমন্ধ নাছিল বুলিও জানিব পৰা গৈছিল।

এগৰাকী চাৰি বছৰীয়া কন্যা সন্তানৰ মাতৃ তথা নয়ন দাসৰ পত্নী তৰা দাসৰ মৃতদেহ উদ্ধাৰ পাচতেই সৃষ্টি হৈছিল ৰহস্যৰ। দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে হঠাৎ বিজেপিৰ নেতা জনক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব তাৰা দাসৰ মৃত্যু স্বাভাৱিক নে এইয়া হত্যা ৷

লগতে পঢ়ক : ডিমা হাছাওত কোনে জন্ম দিলে উগ্ৰপন্থী সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.