ETV Bharat / state

ডিব্ৰু নৈৰ পাৰত নৈপৰীয়াৰ বিননি

চাবুৱাত ডিব্ৰু নৈৰ গৰাখহনীয়া (Dibru River erosion at Chabua ) ৷ নৈৰ গৰাখহনীয়াই উটুৱাই নিয়ে 14 টাতকৈ অধিক পৰিয়ালৰ ঘৰ ৷ বুধবাৰে খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা উপস্থিত হৈ মত বিনিময় কৰি ৰাইজৰ অভাৱ অভিযোগসমূহ জানিবলৈ চেষ্টা কৰে ৷

author img

By

Published : Jun 29, 2022, 8:17 PM IST

Dibru River erosion at Chabua in Dibrugarh
ডিব্ৰু নৈৰ পাৰত নৈপৰীয়াৰ বিননি

মৰাণ, 29 জুন: চাবুৱাৰ বিন্ধাকটা পঞ্চায়তৰ অন্তৰ্গত নেপালী গেৰেকী অঞ্চলত ডিব্ৰু নৈৰ গৰাখহনীয়া অব্যাহত আছে (Dibru River erosion at Chabua ) ৷ চপৰা চপৰে খহিছে নৈৰ গৰা । ডিব্ৰু নৈৰ গৰাখহনীয়াই উটুৱাই নিয়ে 14 টাতকৈ অধিক পৰিয়ালৰ আপোন ঘৰখন ৷ ফলত কান্দোনত ভাগি পৰিছে নৈপৰীয়া ৰাইজ ৷

ইফালে, নেপালী গেৰেকী অঞ্চললৈ যাতায়তৰ বাবে এতিয়া জলপথেই মূলপথ হৈ পৰিছে ৷ কিয়নো যি স্থল পথ আছিল, সেই পথটো বন্যাৰ্তৰ শিবিৰৰ কাষতে হোৱাৰ বাবে সুৰক্ষাজনিত কাৰণত সন্ধিয়া হোৱাৰ লগে লগেই বন্ধ কৰি দিয়াত অঞ্চলটোৰ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ বুধবাৰে খহনীয়াগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই (Ponakan Baruah at Chabua) ২৩৭ টা পৰিয়ালক ব্যক্তিগতভাৱে খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

ডিব্ৰু নৈৰ পাৰত নৈপৰীয়াৰ বিননি

বিধায়ক গৰাকীয়ে ৰাইজৰ লগত মত বিনিময় কৰি ৰাইজৰ অভাৱ অভিযোগসমূহ জানিবলৈ চেষ্টা কৰাৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰে ১৩০ কোটি টকাৰে বৃহৎ আঁচনি হাতত লোৱাৰ কথা অৱগত কৰে বিধায়কগৰাকীয়ে ৷ লগতে বিধায়ক পোনাকণ বৰুৱাই জলসম্পদ বিভাগৰ অভিযন্তাক লগত লৈ সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান দিয়ে ৷

লগতে পঢ়ক: কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ পূজা অৰ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.