ETV Bharat / technology

বিতৰ্কৰ আৱৰ্তত স্পটিফাই; গান ছাৰ্চ কৰোতে ওলাল আপত্তিজনক দৃশ্য - SPOTIFY SEARCH RESULT SHOW PORN

বৃহৎ বিতৰ্কত নাম সাঙোৰ খাইছে Spotify ৰ ৷ ইয়াত গান ছাৰ্চ কৰাৰ পাচত পৰ্ণগ্ৰাফিক ভিডিঅ’ ওলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এজন ব্যৱহাৰকাৰীয়ে ।

spotify-users-find-porn-videos-in-search-results
বিতৰ্কৰ আৱৰ্তত স্পটিফাই; গান ছাৰ্চ কৰোতে ওলাল আপত্তিজনক দৃশ্য (Spotify)
author img

By ETV Bharat Tech Team

Published : Dec 31, 2024, 11:23 AM IST

হায়দৰাবাদ: ভাৰত আৰু বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাই এক বৃহৎ বিতৰ্কৰ মাজত সোমাই পৰিছে কাৰণ এক প্ৰতিবেদন অনুসৰি এই প্লেটফৰ্মৰ ছাৰ্চ ৰিজাল্টত কিছুমান ব্যৱহাৰকাৰীয়ে আপত্তিজনক বিষয়বস্ত লাভ কৰা বুলি অভিযোগ তুলিছে ।

বিতৰ্কৰ আৱৰ্তত স্পটিফাই

The Verge য়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, Reddit ৰ এজন ব্যৱহাৰকাৰীয়ে Spotify ছাৰ্চত পোৱা এটা পৰ্ণগ্ৰাফিক ভিডিঅ’ৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল । প্ৰতিবেদন অনুসৰি এই স্ক্ৰীণশ্বটত দেখা গৈছে যে যেতিয়া ইউজাৰে স্পটিফাইৰ ছাৰ্চ ছেকচনত গৈ "ৰেপাৰ এম আই এ" বুলি ছাৰ্চ কৰিলে, তেতিয়া তেওঁৰ সন্মুখত এটা অশ্লীল ভিডিঅ’ ওলাবলৈ ধৰিলে ।

এই গুৰুতৰ বিষয়টোৰ বিষয়ে জনোৱাৰ সময়ত স্পটিফাইৰ এগৰাকী মুখপাত্ৰই The Verge ক কয়, "এনে বিষয়বস্তুৱে আমাৰ নীতি উলংঘা কৰে আৰু সেয়েহে ইয়াক প্লেটফৰ্মৰ পৰা আঁতৰাই পেলোৱা হৈছে । সংগীত মঞ্চৰ কন্টেন্ট মডাৰেচন নীতি অনুসৰি এই প্লেটফৰ্মে যৌন বিষয়বস্তু থকা কন্টেন্ট আঁতৰাই পেলায় ।"

অৱশ্যে শেহতীয়াকৈ ৰেডিটৰ একাংশ ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ পোষ্টত দেখুৱাইছে যে স্পটিফাইৰ ছাৰ্চ ফলাফলত পৰ্ণগ্ৰাফিক ভিডিঅ’ দেখুওৱা হৈছে । এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টৰ জৰিয়তে দেখুৱাইছে যে ইয়াৰ ডিস্কভাৰী উইকলি এলগৰিদমিক প্লেলিষ্টত যৌন উদ্দীপক অডিঅ’ ট্ৰেকৰো পৰামৰ্শ দিয়া হৈছে ।

2022 চনতো এনে দাবী উত্থাপন হৈছিল

উল্লেখ্য যে, স্পটিফাই এনে গুৰুতৰ গোচৰত সাঙোৰ খোৱাটো প্ৰথম নহয় । ইয়াৰ পূৰ্বে 2022 চনত ভাইচৰ এক প্ৰতিবেদনতো দাবী কৰা হৈছিল যে স্পটিফাইত যৌন উদ্দীপক ছবি আপলোড কৰিবলৈ চেষ্টা কৰা লোকৰ সংখ্যা আশ্চৰ্যকৰ ।

জানিব পৰা মতে, এপটোত এটা ছেটিং আছে যিয়ে ব্যৱহাৰকাৰীৰ প্ৰফাইলত স্পষ্ট বিষয়বস্তু ব্লক কৰে, কিন্তু কিছুমান ছাৰ্চে এতিয়াও সেই ফিল্টাৰটো বাইপাছ কৰে । স্পটিফাইৰ ব্যৱহাৰৰ চৰ্তসমূহে পৰ্ণগ্ৰাফী বা যিকোনো ধৰণৰ অশ্লীল ভিডিঅ’ প্ৰদৰ্শন কৰাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও যোৱা কেইবছৰমানৰ পৰা এই আগশাৰীৰ সংগীত ষ্ট্ৰীমিং প্লেটফৰ্মত বহুবাৰ অশ্লীল বিষয়বস্তু দেখা গৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে Spotify 2008 চনত আৰম্ভ হৈছিল । এই প্লেটফৰ্মত 10 কোটিতকৈ অধিক ট্ৰেক, 60 লাখতকৈ অধিক পডকাষ্ট আৰু 3 লাখ 50 হাজাৰ অডিঅ’বুক আছে, যিবোৰ ব্যৱহাৰকাৰীয়ে সন্ধান কৰি সহজেই উপভোগ কৰিব পাৰে ।

কোম্পানীটোৱে কয়, “আমি বিশ্বৰ আটাইতকৈ জনপ্ৰিয় অডিঅ’ ষ্ট্ৰীমিং চাবস্ক্ৰিপচন সেৱা, যাৰ 64 কোটিতকৈ অধিক ব্যৱহাৰকাৰী আছে, য’ত 180 খনতকৈও অধিক বজাৰত 252 মিলিয়ন চাবস্ক্ৰাইবাৰ আছে ।” 2024 চনৰ তৃতীয় ত্ৰৈমাসিকত কোম্পানীটোৰ গ্লোবেল প্ৰিমিয়াম গ্ৰাহকৰ সংখ্যা 252 মিলিয়নৰ ওপৰত উপনীত হৈছিল ।

লগতে পঢ়ক: মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম Spotify য়ে গ্ৰাহকৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ

মাত্ৰ এটা ক্লিকতেই Spotify ৰ প্ৰিয় গীতটি চেভ কৰক ইনষ্টাগ্ৰামত

ছাবস্ক্ৰীপশ্যন নাথাকিলেও নেটফ্লিক্সত উপভোগ কৰক ‘Squid Game: Unleashed'; লগতে জিকক নগদ ধন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.