ETV Bharat / state

উভতি চাওঁ : ’২৪ বৰ্ষটোত সাংস্কৃতিক ৰাজধানী যোৰহাটে পালে কি ? - YEARENDER 2024

ইংৰাজী কেলেণ্ডাৰৰ শেষৰ পাতখিলা লুটিয়াবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা । আশা-প্ৰত্যাশাবোৰ বুকুত বান্ধি নতুনক আদৰিবলৈ সাজু হৈছে সকলো । যোৰহটীয়াই পালে কি চাওঁ আহক...

Yearender 2024
’২৪ বৰ্ষটোত সাংস্কৃতিক ৰাজধানী যোৰহাটে পালে কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 10:58 AM IST

যোৰহাট : আশা-প্ৰত্যাশাৰ অন্তত এটা বছৰক বিদায় দি নতুন এটা বর্ষক আদৰিবলৈ সাজু হৈছে সকলো । বহুতে বহুত পালে, কোনোৱে সৰ্বস্ৰ হেৰুৱালে । তাৰ মাজতে নতুনক আদৰিবলৈ সাজু হৈছে সকলো, কাৰণ এয়া প্ৰকৃতি । লগতে ২০২৪ ত হৈ যোৱা সকলো পাহৰি নতুন বৰ্ষটোত বহু আশা-প্ৰত্যাশা বুকুত বান্ধি আগুৱাই যোৱাৰ পণ বান্ধিছে সকলোৱে । তাৰ মাজতে ২০২৪ বৰ্ষটোত সাংস্কৃতিক ৰাজধানীখ্যাত যোৰহাটে কি কি পালে তাৰেই আভাস দিবলৈ চেষ্টা কৰা হৈছে ।

সাহিত্যত যোৰহাট:

’২৪ বৰ্ষটোত সাংস্কৃতিক ৰাজধানী যোৰহাটে পালে কি ? (ETV Bharat Assam)

২০২৪ বৰ্ষটো যোৰহাটৰ বাবে এটি উল্লেখনীয় বছৰ হিচাপে পৰিগণিত হৈছে । ২০২৪ বৰ্ষটোত যোৰহাট জিলাই সুদীৰ্ঘ ৩৭ বছৰৰ পাছত অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক পালে । ড৹ বসন্ত কুমাৰ গোস্বামী সাহিত্য সভাৰ সভাপতি আৰু দেৱজিৎ বৰা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হ’ল । দুয়োগৰাকীয়েই যোৰহাটৰ ৷

ৰাজনীতিৰ পৰা ক্ৰীড়ালৈকে:

২০২৪ বৰ্ষটোত লোকসভাত বিৰোধী দলৰ এজন উপ-দলপতি পালে যোৰহাট জিলাই । কংগ্ৰেছ দলৰ তথা যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ বিৰোধী উপ-দলপতি হিচাপে নিযুক্ত হ’ল ।

অসম লোকসেৱা আয়োগৰ ফলাফলতো যোৰহাটৰ বহু কেইজনে উত্তীৰ্ণ হৈ যোৰহাট জিলালৈ সন্মান বুটলি আনিবলৈ সক্ষম হ’ল ।

লগতে পঢ়ক : আন্তঃৰাজ্যিক সীমা বিবাদ: আশা-প্ৰত্যাশাৰ মাজত ঘটনাবহুল এটা বছৰ

লগতে পঢ়ক : অসমীয়া ছবি: মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল বছৰটো, দি গ'ল সুখৰ অনুভৱ

২০২৪ বৰ্ষত যোৰহাট জিলাই আন্তঃৰাষ্ট্ৰীয় মানৰ এখন ষ্টেডিয়াম লাভ কৰিবলৈ সক্ষম হ’ল, যোৰহাট কাছাৰী মৈদাম আৰু যোৰহাট ষ্টেডিয়াম দুয়োখন লগ লগাই নিৰ্মাণ হ’ব লগা এই ষ্টেডিয়ামৰ কাম বৰ্তমান চলি আছে ।

ভোগদৈক পুনৰুদ্ধাৰৰ পৰা উৰণসেতুলৈকে:

যোৰহাটৰ আয়ুসৰেখা স্বৰূপ তথা মানুহে মৃত্যুৰ মুখলৈ ঠেলি দিয়া ভোগদৈ নদীক পৰিষ্কাৰ কৰি মৃত্যুমুখৰ পৰা উদ্ধাৰৰ চেষ্টা চলোৱা হৈছে ২০২৪ বর্ষতেই ।

লগতে পঢ়ক : বিদায় ২০২৪ : এইসকল অসমীয়াক লৈ গৌৰৱান্বিত ৰাজ্যবাসী

লগতে পঢ়ক : উভতি চাওঁ 2024: শ্যাম বেনেগালৰ পৰা ভাস্কৰজ্যোতি দাস, জাকিৰ হুছেইনৰ পৰা পংকজ শৰ্মালৈকে 2024 বৰ্ষটোৱে লৈ গ’ল বহু ব্যক্তিত্বক

২০২৪ বর্ষতেই যোৰহাটৰ উন্নয়নমূলক কাম-কাজসমূহ চলি থকাৰ সমান্তৰালকৈ যোৰহাটৰ মাজেৰে বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলংলৈকে উৰণসেতুৰ কাম পূৰ্ণগতিত চলি আছে । মুঠৰ ওপৰত ২০২৪ বৰ্ষটোত যোৰহাট জিলা বহু আগুৱাই গ’ল বুলি অনুভৱ কৰে যোৰহটীয়া ৰাইজে ৷

জিলাবাসীয়ে সাহিত্য, সংস্কৃতি, ৰাজনীতিৰ লগতে অন্যান্য ক্ষেত্ৰতো বহু আশা কৰিছে । এতিয়া ২০২৪ ক বিদায় দি এটা নতুন বৰ্ষ ২০২৫ ক আদৰিবলৈ সাজু সকলো । সকলোৱে আশা কৰিছে ২০২৫ বৰ্ষটোত সকলোৰে দিনবোৰ ভালে যাওক । হত্যা-হিংসা অবিহনে সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অসমখনক যাতে আগুৱাই নিব পাৰে ।

লগতে পঢ়ক : মাটিৰ পৰা আকাশলৈ উত্তৰণমুখী যাত্ৰাৰ যুগনায়ক ৰামোজী ৰাও

লগতে পঢ়ক : অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভৰ পৰা সাহিত্য অকাডেমি বঁটালৈ: এটা উল্লেখযোগ্য বছৰ ২০২৪

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.