ETV Bharat / state

পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু - পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু

দেউৰী সকলে বুধবাৰে পৰা পালন কৰে চেনেহৰ ৰঙালী বিহু ৷ দেউৰী ডেকা জীয়ৰী সকলে পালন কৰিলে পৰম্পৰাগত বোকা বিহু উৎসৱ ৷

পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু
পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু
author img

By

Published : Apr 22, 2021, 10:16 AM IST

মৰাণ,22 এপ্ৰিল: 21ব’হাগৰ দিনটো হৈছে ব’হাগৰ প্ৰথমটো বুধবাৰ । অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী সকলে 21ব’হাগৰ পৰা পালন কৰিছে চেনেহৰ ৰঙালী বিহু । সমগ্ৰ ৰাজ্যৰ লগতে মৰাণ সমীপৰ দেউৰী গাওঁসমূহতো দেখা গৈছে ব্যাপক উচাহ ।

পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু

মৰাণৰ সমীপৰ ডিমৌৰ পানীদিহিং মৌজাৰ শিঙিয়নী গাঁৱত দেউৰী ডেকা জীয়ৰীসকলে, পৰম্পৰাগত বোকা বিহু খেলি তেওঁলোকৰ আৰাধ্য দেৱতা বলিয়া বাবাৰ থানত বছৰটোৰ মঙগলৰ বাবে গঞা ৰাইজে সেৱা আগবঢ়াই ।

বৰপূজা বুলি কোৱা ব’হাগৰ প্ৰথম এই বিহুৰ দিনা দেউৰীসকলৰ যুৱক-যুৱতী সকলে সুকীয়া সুকীয়াকৈ বোকা বিহুৰ আনন্দ উদযাপন কৰে । বিয়লি বলিয়া বাবাৰ মন্দিৰত গাওঁবাসীয়ে মাংগলিক অনুষ্ঠানেৰে অনুষ্ঠিত বৰপূজাত অংশ লৈ বছৰটোৰ বাবে মঙগল কামনা কৰি আৰাধ্য দেৱতাৰ আশীষ বিচাৰে । এনেদৰে পৰৱৰ্তী দিনাৰে পৰা ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৱে ঘৰে ঘৰে হুঁচৰি পৰিৱেশন কৰে ৷

লগতে পঢ়ক: জুৰীয়াত ক’ভিড প্ৰ’ট’কল অমান্য শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.