ETV Bharat / state

টিংখাঙৰ এগৰাকী ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Mar 31, 2020, 8:47 AM IST

লক ডাউনৰ সময়ছোৱাত ঘৰতে থাকি ৰাইজৰ বাবে এহাজাৰ মাস্ক তৈয়াৰ কৰি উলিয়াইছে টিংখাং তিনিআলি চাহ বাগিচাৰ বাসিন্দা এগৰাকী ছাত্ৰীয়ে ৷ মাস্ক তৈয়াৰ কৰি বিনামূলীয়াকৈ ৰাইজৰ মাজত প্ৰদানৰ ব্যৱস্থা কৰিছে ছাত্ৰীগৰাকীয়ে ৷

commendable step by a student of tingkhong
টিংখাঙৰ এগৰাকী ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ

টিংখাং, 31 মাৰ্চঃ মহামাৰী কৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ ডিব্ৰুগড় জিলাৰ টিংখাং মহাবিদ্যালয়ৰ ছাত্ৰী নেহা মুণ্ডাই ৰাইজৰ বাবে তৈয়াৰ কৰিছে এহাজাৰখন মাস্ক ৷ লক ডাউনৰ সময়ছোৱাত ঘৰতে থাকি ৰাইজৰ বাবে ছাত্ৰী গৰাকীয়ে প্ৰস্তুত কৰি উলিওৱা এই মাস্কসমূহ, স্থানীয় এখন ফাৰ্মাচীত দি ঔষধ কিনিবলৈ অহা লোকক বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিছে ৷ বৰ্তমান মাস্কৰ নাটনিৰ সময়ত অধ্যয়ন আৰু ঘৰুৱা কামৰ মাজতো এনেদৰে মাস্ক তৈয়াৰ কৰি ৰাইজক বিনামূলীয়াকৈ যোগান ধৰাটো নিতান্তই প্ৰশংসনীয় পদক্ষেপ ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰলৈ বিভিন্নজনৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.