মৰাণ, 22 আগষ্ট : বয়সে হাৰ নমনা এগৰাকী কুটীৰ শিল্পী ৷ বিগত 77 টা বছৰে জড়িত হৈ আছে এই কৰ্মত ৷ শিল্পীগৰাকীৰ হাতৰ পৰশত এটুকুৰা জড় কাঠেও প্ৰাণ পায় ৷ আমি উল্লেখ কৰা জীৱনৰ 77 টা বসন্ত গৰকা এই কুটীৰ শিল্পীগৰাকী হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ নগেন শইকীয়া ৷
বয়সৰ ওচৰত হাৰ মানিব নোখোজা এইগৰাকী কুটীৰ শিল্পী নগেন শইকীয়াই দুহাতৰ যাদুৰে এটুকুৰা কাঠকো প্ৰাণৱন্ত কৰি তোলে । নগেন শইকীয়াৰ হাতত এটুকুৰা কাঠে পাই উঠে ভিন্ন ৰূপ । বয়সে শৰীৰ দুৰ্বল কৰিলেও নিজৰ প্ৰতিভা আৰু শিল্প কলাৰ সৃষ্টিৰে এতিয়াও পৰিয়াল পোহপাল দিছে কুটীৰ শিল্পী নগেন শইকীয়াই । কিয়নো নগেন শইকীয়াৰ হাতেৰে নিৰ্মিত সামগ্ৰী বিক্ৰী হৈছে অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত ।
চাবুৱাৰ মেৰলীপথাৰ নতুন গাঁৱৰ নগেন শইকীয়াই নিজৰ ঘৰতেই কুটীৰ শিল্পৰ এই সৰু উদ্যোগটো স্থাপন কৰি বিগত প্ৰায় 30 টা বছৰে এই শিল্প সৃষ্টিত নিজক নিয়োজিত কৰি ৰাখিছে । ফলত শিল্পীগৰাকীৰ হাতত প্ৰাণ পাই উঠিছে জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি ঘৰত ব্যৱহৃত বহু সামগ্ৰী ৷ লগতে নামঘৰৰ মণিকুট, আসন, শৰাই, সঁফুৰা, গছা, কাছ আদি প্ৰায়সমূহ ধৰ্মীয় অনুষ্ঠানত ব্যৱহৃত সামগ্ৰীও তেখেতে নিৰ্মাণ কৰি আহিছে ।
কুটীৰ শিল্পী নগেন শইকীয়াই জানিবলৈ দিয়া অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তেওঁৰ ঘৰলৈ আহি সামগ্ৰীসমূহ ক্ৰয় কৰি লৈ যায় । লগতে বিভিন্নজনে নিৰ্দিষ্ট সামগ্ৰী নিৰ্মাণৰ বাবে অৰ্ডাৰ দিয়ে যদিও শৰীৰৰ অসুস্থতা আৰু নিৰ্মাণৰ বাবে সামগ্ৰীৰ কেঁচা মালৰ অভাৱৰ বাবেই বহু অৰ্ডাৰ বাতিল কৰিব লগা লয় শিল্পীজনে ।
30 বছৰে মন পৰশা বিভিন্ন সামগ্ৰী শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি আহিছে৷ কিন্তু অৰ্থৰ অভাৱতে আজি পৰ্যন্ত এখনো নিজা বিপনী খুলিব পৰা পৰা নাই শিল্পী নগেন শইকীয়াই ৷ তথাপিও ভাগৰা নাই 77 বছৰীয়া কুটীৰ শিল্পী নগেন শইকীয়া । নিজৰ সৃষ্টি ৰাজিক জীয়াই ৰাখি সমাদৃত হোৱাৰ লগতে এইবিলাক সামগ্ৰী বিক্ৰী কৰি সুন্দৰকৈ চলাইছে নিজৰ পৰিয়ালটো ।
মনত উদ্যম থাকিলে সকলো কাম কৰাই যে সম্ভৱ সেই কথা প্ৰমাণ কৰি সকলোৰে বাবে আদৰ্শ হৈ পৰিছে কুটীৰ শিল্পী নগেন শইকীয়া ।
লগতে পঢ়ক : Assamese Traditional instrument: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে