ডিব্ৰুগড়,৩ জুন : ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডিব্ৰুগড় জিলাত পুনৰ নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে চলালে অভিযান । আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এজন । ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ চান্দমাৰিৰ পৰা এক কিলোগ্ৰামৰো অধিক গাঞ্জাসহ গ্ৰেপ্তাৰ ৰমজান খান নামৰ এজন লোক ।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰৰ নিৰ্দেশত ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, গাভৰু পথাৰ আৰক্ষী চকীৰ উপ-পৰিদৰ্শক পূৰ্ণজয় শইকীয়া, ডিব্ৰুগড় সদৰ থানাৰ টি এছ আই অৰ্জুন সিং আৰু চি আৰ পি এফৰ সহযোগিতাৰে এটা দলে এই অভিযান চলাইছিল । ইয়াৰ পাছত আৰক্ষীৰ দলটোৱে ডিব্ৰুগড়ৰ পাঁচ আলিতো এটা অভিযান চলায় ।
লগতে পঢ়ক:ৰঙিয়াত কভিভ প্ৰতিষেধকৰ ব্যাপক নাটনি