ETV Bharat / state

Tea Workers protest : নাহৰকটীয়াৰ চাহ বাগানত আটছাৰ গৰ্জন - অসম চাহ জনজাতি ছাত্ৰ সন্থা

দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকসকলৰ সমস্যা সমাধান কৰা নাই চৰকাৰে ৷ বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ( আট্‌ছা )কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নাহৰকটীয়া শাখাৰ উদ্যোগত জয়পুৰ উপ-শাখা, জয়পুৰ চাহ বাগিচা প্ৰাথমিক গোট আৰু শ্ৰমিক ৰাইজৰ সহযোগত জয়পুৰ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (ATSA protest at Naharkatia)

ATSA protest at Naharkatia
নাহৰকটীয়াৰ চাহ বাগানত আটছাৰ গৰ্জন
author img

By

Published : Jun 1, 2023, 9:45 PM IST

নাহৰকটীয়াৰ চাহ বাগানত আটছাৰ গৰ্জন

নাহৰকটীয়া, 1 জুন: চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অব্যাহত আছে আটছাৰ নিৰবিচ্ছিন্ন প্ৰতিবাদ ৷ বৃহস্পতিবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে নাহৰকটীয়া শাখাৰ উদ্যোগত জয়পুৰ উপ-শাখা, জয়পুৰ চাহ বাগিচা প্ৰাথমিক গোট আৰু শ্ৰমিক ৰাইজৰ সহযোগত জয়পুৰ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (ATSA protest at Naharkatia)।

উল্লেখ্য যে, সংগঠনটোৱে চাহ শ্ৰমিকৰ সমস্যাকলৈ বিগত কেইবাদিন ধৰি উমাতাৰা, নামৰূপ দিল্লী বাগান, নাহৰকটীয়া বাগান,জয়পুৰ চাহ বাগিচাকে ধৰি প্ৰায়বোৰ চাহ বাগিচাতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে (ATSA Protest at Jaipur Tea state)। এই ধৰ্ণা কাৰ্যসূচীত চাহ বাগিচাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসক নিযুক্তি, চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নতিকৰণৰ ব্যৱস্থা কৰা লগতে শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূহৰ সমাধানৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত আটছা নাহৰকটীয়া শাখাৰ সভাপতি বচন গোৱালা, শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিজেশ ঘাটোৱাৰ, ডিব্ৰুগড় জিলাৰ কাৰ্যনিবাহক সদস্য তপন ওৰাং আৰু শাখা, উপশাখা, প্ৰাথমিক গোটৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে ৷

এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পিচতেই বাগিচাখনৰ চাহ শ্ৰমিকসকলে ভুগি অহা বিভিন্ন সমস্যাসমূহ সামৰি সৰ্বমুঠ ১৮ দফীয়া দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ এই স্মাৰক পত্ৰখনত জয়পুৰ চাহ বাগিচাৰ প্ৰধান পৰিচালকগৰাকীৰ লগতে শ্ৰমিকসকলৰ এই দাবীসমূহ অহা 15 দিনৰ ভিতৰত সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

ইয়াৰ সমান্তৰালকে আজি শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম চাহ বাগিচাত আটছাই বাগিচা ঘেৰাও কৰি চাহ শ্রমিকৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ বৰবাম চাহ বাগিচা মুখ্য কাৰ্যালয়ৰ সন্মুখত আটছাৰ বৰবাম উপশাখাৰ উদ্যোগত আৰু বৰবাম, হালোৱাটিং, বাঘজান চাহ বাগিছা প্ৰাথমিক গোটৰ সহযোগত সংগঠনটোৱে ১৪ দফীয়া এলানি দাবী উত্থাপন কৰি পৰিবেশ উত্তাল কৰি তোলে (Protest in Amguri Barbam Tea Estate) ।

চাহ শ্ৰমিকৰ আৱাসগৃহৰ সমস্যা, অনাময় ব্যৱস্থা কৰা, বিশুদ্ধ খোৱাপানীৰ সমস্যা, নলা-নৰ্দমাৰ সমস্যা, চিকিৎসা সমস্যাকে ধৰি মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । বৰবাম, বাঘজান,হালোৱাটিং চাহ বাগিচাৰ স্থায়ী-অস্থায়ী শ্ৰমিকক উন্নত মানৰ ৰেচন প্ৰদান কৰা, হালোৱাটিং চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰা, অৱসৰ গ্ৰহণ কৰা শ্ৰমিকসকলৰ গ্ৰেচুইটি, পি এফ আৰু সুত সমূহ শীঘ্ৰে প্ৰদানৰ দাবী জনায় (Tea Workers protest in Amguri)। তেওঁলোকে এই সমস্য়াসমূহ সমাধানৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও কোনো সুফল লাভ কৰা নাই ৷

লগতে পঢ়ক: AATSA protest in Amguri: বৰবাম চাহ বাগিচা ঘেৰাও আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.