ETV Bharat / state

Alligation of molestation at Dibrugarh: যুৱতীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰত চাহ বাগিচাৰ সহকাৰী পৰিচালক

author img

By

Published : Feb 23, 2023, 1:16 PM IST

ঢেকীয়াজুলি চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ বিৰুদ্ধে যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (Assam Chah Mazdoor Sangh protest in Dibrugarh)। অভিযুক্তক কঠোৰ শাস্তি দিয়াৰ দাবীত ৰাইজৰ প্ৰতিবাদ ।

Protest at Dhekiajuli Tea Estate in Dibrugarh
ঢেকীয়াজুলি চাহ বাগিচা
ঢেকীয়াজুলি চাহ বাগিচা

মৰাণ, ২৩ ফেব্ৰুৱাৰী: চাহ বাগিচাৰ এজন সহকাৰী পৰিচালকৰ কৰ্মকাণ্ডই এতিয়া জোকাৰি গৈছে ডিব্ৰুগড় জিলা । জিলাখনৰ দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ঢেকীয়াজুলি চাহ বাগিচাৰ বাংলোত এগৰাকী যুৱতীক বনকৰা কৰ্মী হিচাপে ৰাখি সহকাৰী পৰিচালক মনোজ ডেকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । চাহ বাগিচাৰ এইগৰাকী সহকাৰী পৰিচালকৰ কৰ্মকাণ্ডই এতিয়া লজ্জানত কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক (Protest at Dhekiajuli Tea Estate in Dibrugarh)।

ঘটনাৰ বিৱৰণি অনুসৰি, নাহৰকটীয়াৰ বাসিন্দা তথা ঢেকীয়াজুলী চাহ বাগিচাৰ সহকাৰী পৰিচালক মনোজ ডেকাই দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ঢেকীয়াজুলি চাহ বাগিচাৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বাগিচাখনৰ বাংলোত বনকৰা কৰ্মী হিচাপে নিয়োগ কৰিছিল । অভিযোগ অনুসৰি মনোজ ডেকাৰ বাংলোত বিগত কেইবাবছৰ ধৰি কাম কৰা পিছত শেহতীয়াকৈ বাগিচাৰ সহকাৰী পৰিচালকগৰাকীয়ে যুৱতীগৰাকীৰ ওপৰত চলাইছিল অকথ্য শাৰীৰিক তথা মানসিক নিৰ্যাতন (Physical assault on young woman in Dibrugarh)।

বুধবাৰে অসম চাহ জনজাতি ছাত্র সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু অসম চাহ মজদুৰ সংঘৰ দুলীয়াজানৰ ভাদৈ উপ শাখাৰ এটি সঁজাতি দলে তৰাজানৰ ঢেকীয়াজুলী চাহ বাগিচাৰ প্ৰৱেশ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Assam Tea Tribes Students Union protest in Dibrugarh)। লগতে সংগঠটোৱে মনোজ ডেকাক চাহ বাগিচাৰ পৰা বহিষ্কাৰ কৰাৰ দাবী জনায় ।

অসম চাহ মজদুৰ সংঘৰ দুলীয়াজানৰ ভাদৈ উপ শাখাৰ নেতাসকলে চাহ বাগিচাৰ যুৱতী সকলক সন্মান সহকাৰে জীয়াই থাকিবলৈ দিবলৈ সকলোকে আহ্বান জনায় । অসম চাহ মজদুৰ সংঘৰ নেতাসকলে কোনো বাগিচৰ বাংলোত যাতে মহিলাক বন কৰা হিচাপে নিযুক্তি দিব নোৱাৰে তাৰ ব্য়ৱস্থা কৰিবলৈ জিলা প্ৰসাশন তথা অসম চৰকাৰক দাবী জনায় (Assam Chah Mazdoor Sangh)।

উল্লেখ্য় যে ঘৰত পত্নী তথা দুটি সন্তান থকাৰ পাছতো মনোজ ডেকাই নিজৰ বাংলোত এগৰাকী চাহ জনগোষ্ঠীয় যুৱতীক শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল (Abuse of young woman in Dhekiajuli Tea Estate) । যুৱতীগৰাকীয়ে কৌশলেৰে পলায়ন কৰি নিজ গৃহত উপস্থিত হৈ সমস্ত ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে । এই ঘটনা সন্দৰ্ভত জয়পুৰ আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত মনোজ ডেকাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মাত ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:Assam tour by bicycle: অদম্য মনৰ হাবিয়াস; এখন ভৰিৰেই চাইকেল চলাই অসম ভ্ৰমণলৈ ওলাল এজন 60 ৰ ঊৰ্ধৰ ব্যক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.