ETV Bharat / state

সমন্বয় সমিতিৰে পৰিষদীয় এলেকাত ভেটি শক্তিশালী কৰা নীতি প্ৰদেশ কংগ্ৰেছৰ

খহনীয়া সৃষ্টি হোৱা কংগ্ৰেছ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ মিচিং, তিৱা আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি গঠন কৰাৰ পাছত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি(Coordination committee of Sonowal Kachari Autonomous Council) গঠনৰ সন্দৰ্ভত আলোচনা প্ৰদেশ কংগ্ৰেছৰ ৷

author img

By

Published : Dec 5, 2021, 6:12 PM IST

Coordination Committee of Assam Pradesh Congress
পৰিষদীয় এলেকাত ভেঁটি শক্তিশালি কৰা নীতি প্ৰদেশ কংগ্ৰেছৰ

মৰাণ, 5 ডিচেম্বৰ : ৰাজ্যৰ 9 টা পৰিষদীয় এলেকাত সমন্বয় সমিতি গঠনৰ কথা অৱগত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ তেওঁঁ কয়, ইতিমধ্যে মিচিং, তিৱা আৰু ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি গঠন কৰা হৈছে ৷ ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি গঠনৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে(Coordination Committee of Assam Pradesh Congress) । শীঘ্ৰে ৰাজ্যিক ভিত্তিত গঠন হ'ব এই সমিতি ।

উল্লেখ্য যে, খহনীয়া সৃষ্টি হোৱা কংগ্ৰেছৰ সাংগঠনিক ভেঁটি শক্তিশালি কৰিবৰ বাবে নতুন কৌশল অৱলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে (APCC new strategy to make strong the party) ৷ দেওবাৰে সংবাদমেল সম্বোধন কৰি ইয়াৰে এক ইংগিত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ সেই অনুসৰি ৰাজ্যৰ 9 টা পৰিষদীয় এলেকাত সমন্বয় সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে (Assam Pradesh Congress decides to set up coordination committee )৷

ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত সম্বোধন কৰি সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Assam Pradesh Congress president) গৰাকীয়ে কয়, 3 টা পৰিষদীয় এলেকাত সমন্বয় সমিতি গঠনৰ পাছত দেওবাৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সমন্বয় সমিতি গঠন সন্দৰ্ভত এক সভাৰ জৰিয়তে আলোচনা কৰা হৈছে ৷ এই কমিতিখনৰ জৰিয়তে সোণোৱাল কছাৰীৰ স্বায়ত্ব পৰিষদৰ অধীনৰ কংগ্ৰেছ নেতা-কৰ্মী সকলক একত্ৰিত কৰি কাম কৰাৰ প্ৰয়াস কৰা হ'ব ৷

লগতে পঢ়ক: Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

লগতে যোৱা পাঁচ বছৰত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ বাবে আৱন্টিত পুঁজিৰ শ্বেত পত্ৰ প্ৰকাশ কৰাৰ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। শ্বেত পত্ৰ প্ৰকাশ নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

কংগ্ৰেছে গঠন কৰি দিয়া সমন্বয় সমিতিয়ে পৰিষদৰ কাম-কাজৰ সম্পূৰ্ণ তদাৰক কৰিব । সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত(Sonowal Kachari Autonomous Council) ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সভাপতি বৰাই ৷ ৰাজ্যৰ বিত্তীয় আৰু আইন শৃংখলা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, অসমত অগণতান্ত্ৰিক শাসন চলাইছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ।

"এগৰাকী আৰক্ষী বিষয়াই নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰি আইন হাতত তুলি লৈছে । কংগ্ৰেছে আইনগতভাৱে প্ৰত্যেকজন দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ । বিধ্বংসী বিত্তীয় অৱস্থাটো তল পেলাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বুৰঞ্জীক বেছিকৈ গুৰুত্ব দিছে ।" এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰবীণ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দণ্ডী সোণোৱাল।

লগতে পঢ়ক: Literary Pension announced: শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে সাহিত্যিক পেঞ্চনাৰৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.