ETV Bharat / state

CM Secretariat Office in Dibrugarh: ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যালয় নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jan 31, 2023, 9:54 AM IST

ডিব্ৰুগড়ত নিৰ্মাণ হ’ব মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যালয় (CM Secretariat Office in Dibrugarh) ৷ এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে ডিব্ৰুগড়ত আয়োজিত কেবিনেট বৈঠকত লোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ অন্তত সংবাদ মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কেইবাটাও নতুন প্ৰকল্পৰ কথা (Cabinet Meeting in Dibrugarh) ৷

CM Himanta Biswa Sarma announced several new projects at cabinet meeting in Dibrugarh
ডিব্ৰুগড়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

ডিব্ৰুগড়, 31 জানুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা প্ৰতিমাহে জিলাই জিলাই ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল । সেই সিদ্ধান্ত অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ অহাৰ দৰেই সোমবাৰে ডিব্ৰুগড়তো এইবাৰৰ ৰাজ্যিক কেবিনেট বৈঠকখন অনুষ্ঠিত হয় (Cabinet Meeting in Dibrugarh)। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেট ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্যিক কেবিনেটে ডিব্ৰুগড়ৰ ৰাইজক দি গ’ল প্ৰায় ২ হাজাৰ কোটি টকাৰ উপহাৰ । কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল অনুষ্ঠিত কৰি ঘোষণা কৰিলে ডিব্ৰুগড়ৰ ৰাইজৰ বাবে গ্ৰহণ কৰা বহুকেইটা নতুন প্ৰকল্পৰ কথা ।

লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কাৰ্যালয় নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CMs Secretariat Office in Dibrugarh)। প্ৰতিমাহে 2-3 বাৰ এই কাৰ্যালয়ত আহি কাম-কাজৰ বুজ ল’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM Himanta Biswa Sarma) ৷

উল্লেখ্য যে 300 কোটি টকা ব্যয় সাপেক্ষে এ এম চি এইচত বহুমহলীয়া ষ্টাফ কোৱাৰ্টাৰ, 500 আসনযুক্ত প্ৰেক্ষাগৃহ, নাহৰকটীয়াত হকী ষ্টেডিয়াম, 1500 আসনযুক্ত আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰ নিৰ্মাণ কৰিব বুলি এইবাৰৰ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে (Decision of Assam Cabinet)।

চৌকিডিঙী খেলপথাৰত ফ্লাড লাইট, নাহৰকটীয়াত হকী ষ্টেডিয়াম, খনিকৰ সংহত ক্ৰীড়া প্ৰকল্পক 5000ৰ পৰা 15000 ক্ষমতা বিশিষ্টলৈ ৰূপান্তৰ, লক্ষ্মীনাথ বেজবৰুৱা উদ্যান আৰু খনিকৰ উদ্যানলৈ 5 কোটিকৈ টকা, পুলিচ ৰিজাৰ্ভ খেলপথাৰক ৰাজ্যিক আৰক্ষী ক্ৰীড়া কেন্দ্ৰলৈ উন্নীতকৰণ, ডিব্ৰুগড় কাৰাগাৰক টিংখাঙলৈ স্থানান্তৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্যৱহাৰিক মনোবিজ্ঞান আৰু ভূগোল বিষয় সংযোজনৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

পথ নিৰ্মাণৰ ক্ষেত্ৰত চেঁচা- ইটাখুলি সংযোগী 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ 2 লেনযুক্ত পথ আৰু আঘোনীবাৰী- খোৱাং সংযোগী 25 কিলোমিটাৰ মথাউৰি পথৰ পকীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে । আনহাতে তিনিখনকৈ উৰণীয়া সেঁতু ক্ৰমে আমোলাপট্টি ৰে’লৱে ক্ৰছিং, মানকটা ৰে’লৱে ক্ৰছিং আৰু লাহোৱাল ৰে’লৱে ক্ৰছিং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে (CM announced several new projects at cabinet meeting) ৷

দলং নিৰ্মাণৰ সিদ্ধান্ত ক্ৰমে আঘোণীবাৰীৰ পৰা তেলপানী ঘাটত ২৭০ মিটাৰ দৈৰ্ঘ্যৰ দলং, ৰমাইঘাটৰ পৰা লাচন মিৰিগাঁৱলৈ দলং, দিচাং নদীৰ ওপৰত মাহমৰা আৰু বৰুৱা নগৰৰ ১৩৫ মিটাৰ দৈৰ্ঘ্যৰ সংযোগী দলং, হুংহুঙীয়া গাঁৱৰ পৰা নাহৰণি সোণোৱাল গাঁৱলৈ দলং আৰু মদাৰখাটৰ পৰা গোদাবাহৰলৈ দলং নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত সমূহ ঘোষণাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ডিব্ৰুগড়ৰ ৰাইজ । কিয়নো ৰাইজে আশা কৰিছিল ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ পাছতেই ডিব্ৰুগড়ৰ ৰাইজৰ বাবে বহুকেইটা উপহাৰ দিব মুখ্যমন্ত্ৰীয়ে । আৰু আশা কৰা মতেই ডিব্ৰুগড়বাসীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও জনালে বহুকেইখন উন্নয়নমূলক আঁচনিৰ সিদ্ধান্ত ৷

লগতে পঢ়ক: Cabinet Meeting in Dibrugarh : তেজপুৰতো ৰাজভৱন নিৰ্মাণৰ সিদ্ধান্ত অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.