ETV Bharat / state

Weightlifter felicitated: এছিয়ান য়ুথ ভাৰত্তোলন চেম্পিয়নশ্বিপৰ সোণৰ পদক বিজয়ী বেদব্ৰত ভৰালীক সম্বৰ্ধনা

author img

By

Published : Aug 13, 2023, 2:06 PM IST

এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন চেম্পিয়নশ্বিপত দুটা সোণৰ পদক অৰ্জনেৰে ভাৰতলৈ সুনাম কঢ়িয়াই অনা বেদব্ৰত ভৰালীক ডিব্ৰুগড়ত ৰাজহুৱা সম্বৰ্ধনা ।

Asian Youth and Junior Weightlifting Championships
এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন চেম্পিয়নশ্বিপ

ডিব্ৰুগড়, ১৩ আগষ্ট: চলিত বৰ্ষৰ এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন চেম্পিয়নশ্বিপত দুটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জনেৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে ডিব্ৰুগড়ৰ অসমী সংঘত ভাৰত্তোলনৰ চৰ্চা কৰা নিয়মীয়া খেলুৱৈ বেদব্ৰত ভৰালীয়ে ৷ এই প্ৰতিযোগিতাখনত পদক লাভেৰে দেশৰ লগতে অসমৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই অনা মধুপুৰ দেউৰী গাঁৱৰ প্ৰতিভাৱান খেলুৱৈ বেদব্ৰত ভৰালীয়ে পদকপ্ৰাপ্তিৰ পিচত গৃহচহৰ ডিব্ৰুগড়ত উপস্থিত হয় ।

তেওঁ জিলাখনত উপস্থিত হোৱাৰ লগে লগে অসমী সংঘৰ কৰ্মকৰ্তা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আদিকে ধৰি অজস্ৰ ক্ৰীড়ানুৰাগীয়ে মোহনবাৰী বিমান কোঠৰ পৰা সমদলেৰে খেলুৱৈ গৰাকীক অসমী সংঘ প্ৰাংগণলৈ আদৰি আনে ৷ ইয়াৰ পিছতে অসমী সংঘৰ প্ৰাংগণত সংঘৰ সভাপতি পদ্মেশ্বৰ মহনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক সম্বৰ্দ্ধনা সভা ৷

ফুলাম গামোচা, শৰাই, সম্বৰ্দ্ধনা পত্ৰ আৰু অসমী সংঘৰ ম’মেণ্টেৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠানটোত জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ দেৱজিৎ দত্ত, মিলনজ্যোতি সংঘৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সমাজকৰ্মী অমিয় হাজৰিকা, অসমী সংঘৰ উপ-সভাপতি মূল্যধৰ বৰুৱা, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :Palm oil plantation in Assam: পাম খেতিৰ ফলত ইন্দোনেছিয়াৰ দৰে হ'ব নেকি অসমৰ অৱস্থা; বিভিন্ন কৃষক, কৃষক সংগঠনৰ প্ৰতিক্ৰিয়া

বক্তাসকলে উদীয়মান খেলুৱৈগৰাকীক অনুপ্ৰেৰণামূলক বক্তব্যৰে উৎসাহিত কৰি তোলে ৷ মধুপুৰ দেউৰী গাঁৱৰ অৰুণ ভৰালীৰ পুত্ৰ বেদব্ৰত ভৰালীয়ে অসমী সংঘত ভাৰত্তোলনৰ নিময়মীয়া চৰ্চাৰে এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত পদক লাভৰ উপৰি চলিত বৰ্ষত ইউৰোপ মহাদেশৰ আলবানিয়াত অনুষ্ঠিত হোৱা যুৱ ভাৰত্তোলন (৬৭ কেজি) প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক, লগতে এই বৰ্ষ কমনৱেলথ্‌ছ গেমছত ভাৰত্তোলনৰ (৬৭ কেজি) প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:Constituency Delimitation : সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.