ETV Bharat / state

৫০ বছৰীয়া বৰ্ণীল যাত্ৰাৰ পৰিক্ৰমা সোঁৱৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বৰ্ণ জয়ন্তী উদযাপন

author img

By

Published : Feb 16, 2019, 1:24 PM IST

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মজিয়াত এই স্বৰ্ণীল যাত্ৰাৰ বৰ্ষযোৰা উদযাপনৰ তিনি দিনীয়া সামৰণি অনুষ্ঠান

স্বৰ্ণ জয়ন্তী

ডিব্ৰুগড়, ১৬ ফেব্ৰুৱাৰী: "মিডিয়াম ৱেভৰ ৫২৯.১ মিটাৰ আৰু ৫৬৭ কিলোহাৰ্জ, FMৰ ১০১.৩০ মেগাহাৰ্জত এইয়া আকাশবাণী ডিব্ৰুগড়"।যুগ যুগ ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ লগতে উজনি অসমৰ ঘৰে ঘৰে ভাহি থকা এই সু-পৰিচিত বাক্যশাৰীৰ সৈতে,লাখ লাখ লোকৰ সেই এৰাব নোৱাৰা সম্পৰ্কতো।এটা দুটা নহয়,৫ টাকৈ দশক।

হয়,অল ইণ্ডিয়া ৰেডিঅ ডিব্ৰুগড় কেন্দ্ৰ আৰু লাখ লাখ শ্ৰুতাৰ এই বন্ধনে গৰকিলে ৫০ টা স্বৰ্ণীল বৰ্ষ। ইয়াৰেই ৰোমন্থনত গীতে মাতে জীপাল ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ বাকৰি। অনুষ্ঠানটোৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা উদযাপনৰ তিনিদিনীয়া সামৰণি কৰ্যসূচীত প্ৰাক্তন কৰ্মচাৰীৰ মিলন,লোকবাদ্য সহ থলুৱা সংগীতানুষ্ঠান,নৃত্যানুষ্ঠান,স্বৰ্ণ জয়ন্তী বক্তৃতা,ৰাজ্য ভিত্তিক লোকসংগীত প্ৰতিযোগিতা লোকগীত মাধুৰীৰ গ্ৰেণ্ড ফিনালে, সাংস্কৃতিক অনুষ্ঠান আদিৰে সজোৱা হয়।

স্বৰ্ণ জয়ন্তী
undefined

ইফালে আজি শেষৰটো নিশাৰ সংগীতৰ মাজে মাজে পৰিচালিত মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী,অল ইণ্ডিয়া ৰেডিঅ(AIR)ৰ অভিযান্ত্ৰিক উপ-সঞ্চালক দীপক জোচী, AIRৰ উত্তৰ পূবৰ উপদেষ্টা দেৱেন বসুমতাৰী, বিশিষ্ট সাহিত্যিক ড‍‌৹ কৰবী ডেকা হাজৰিকা উপস্থিত থাকি অনুষ্ঠানটোৰ কালজয়ী অধ্যাইক সলাগে। লগতে আধুনিকতাৰ ধামখুমীয়াই অনাতাঁৰ সেৱাক স্তব্ধ কৰিব নোৱাৰৰ মূলত ইয়াক যুগৰ লগত খাপ খুৱাই নিব পৰাকৈ গঢ়ি তুলা বিষয়টোকো প্ৰশংসা কৰে।

উল্লেখ যে, সময়ে সময়ে নতুন পৰিকল্পনা আৰু প্ৰতিভাৰে সময়ুপযোগী হৈ ৰবলৈ সক্ষম হৈ নেওচিলে নতুন নতুন প্ৰযুক্তিৰ প্ৰত্যাহ্বানকো কেন্দ্ৰটোৱে। যাৰ বাবে ইন্টাৰনেটৰ যুগটো কোটিৰ সংখ্যাত শ্ৰুতাৰে,অনুষ্ঠানটোৰ আছে সুকীয়া মৰ্যদা। ইফালে, স্বৰ্ণ জয়ন্তীৰ উদযাপনত কেন্দ্ৰটো পৰিচালনা দ্বায়িত্বৰত সকল হৈ পৰিল অভিভূত।

Intro:৫০ বছৰীয়া বৰ্ণীল যাত্ৰাৰ পৰিক্ৰমা সোঁৱৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ স্বৰ্ণ জয়ন্তী উদযাপন। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মজিয়াত এই স্বৰ্ণীল যাত্ৰাৰ বৰ্ষযোৰা উদযাপনৰ তিনি দিনীয়া সামৰণি অনুষ্ঠান।

Body:"মিডিয়াম ৱেভৰ ৫২৯.১ মিটাৰ আৰু ৫৬৭ কিলোহাৰ্জ, FMৰ ১০১.৩০ মেগাহাৰ্জত এইয়া আকাশবাণী ডিব্ৰুগড়"।যুগ যুগ ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ লগতে উজনি অসমৰ ঘৰে ঘৰে ভাহি থকা এই সু-পৰিচিত বাক্যশাৰীৰ সৈতে,লাখ লাখ লোকৰ সেই এৰাব নোৱাৰা সম্পৰ্কতো।এটা দুটা নহয়,৫ টাকৈ দশক।
হয়,অল ইণ্ডিয়া ৰেডিঅ ডিব্ৰুগড় কেন্দ্ৰ আৰু লাখ লাখ শ্ৰুতাৰ এই বন্ধনে গৰকিলে ৫০ টা স্বৰ্ণীল বৰ্ষ।ইয়াৰেই ৰোমন্থনত গীতে মাতে জীপাল ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ বাকৰি।অনুষ্ঠানটোৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা উদযাপনৰ তিনিদিনীয়া সামৰণি কৰ্যসূচীত প্ৰাক্তন কৰ্মচাৰীৰ মিলন,লোকবাদ্য সহ থলুৱা সংগীতানুষ্ঠান,নৃত্যানুষ্ঠান,স্বৰ্ণ জয়ন্তী বক্তৃতা,ৰাজ্য ভিত্তিক লোকসংগীত প্ৰতিযোগিতা লোকগীত মাধুৰীৰ Grand finale, সাংস্কৃতিক অনুষ্ঠান আদিৰে সজোৱা হয়।ইফালে আজি শেষৰটো নিশাৰ সংগীতৰ মাজে মাজে পৰিচালিত মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী,অল ইণ্ডিয়া ৰেডিঅ(AIR)ৰ অভিযান্ত্ৰিক উপ-সঞ্চালক দীপক জোচী,AIRৰ উত্তৰ পূবৰ উপদেষ্টা দেৱেন বসুমতাৰী,বিশিষ্ট সাহিত্যিক ড‍‌৹ কৰবী ডেকা হাজৰিকা উপস্থিত থাকি অনুষ্ঠানটোৰ কালজয়ী অধ্যাইক সলাগে।লগতে আধুনিকতাৰ ধামখুমীয়াই অনাতাঁৰ সেৱাক স্তব্ধ কৰিব নোৱাৰৰ মূলতে ইয়াক যুগৰ লগত খাপ খুৱাই নিব পৰাকৈ গঢ়ি তুলা বিষয়টোকো প্ৰশংসা কৰে।

Conclusion:উল্লেখ যে, সময়ে সময়ে নতুন পৰিকল্পনা আৰু প্ৰতিভাৰে সময়ুপযোগী হৈ ৰবলৈ সক্ষম হৈ নেওচিলে নতুন নতুন প্ৰযুক্তিৰ প্ৰত্যাহ্বানকো কেন্দ্ৰীটোৱে।যাৰ বাবে ইন্টাৰনেটৰ যুগটো কোটিৰ সংখ্যাত শ্ৰুতাৰে,অনুষ্ঠানটোৰ আছে সুকীয়া মৰ্যদা।ইফালে, স্বৰ্ণ জয়ন্তীৰ উদযাপনত কেন্দ্ৰটো পৰিচালনা দ্বায়িত্বৰত সকল হৈ পৰিল অভিভূত।

bytes:
1,
2&3

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.