ETV Bharat / state

মৰাণত গেৰুৱা বসন পিন্ধিলে দুই শতাধিক লোকে

author img

By

Published : Mar 14, 2021, 5:51 PM IST

নিৰ্বাচনৰ পূৰ্বে মোক্ষম আঘাত নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে মৰাণ সমষ্টিৰ জাতীয় পৰিষদৰ বহু কৰ্মীয়ে ইতিমধ্যে দলটোৰ পৰা পদত্যাগ কৰিছে । দেওবাৰে দুয়োটা দলৰে দুই শতাধিক জিলা তথা সমষ্টিৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

মৰাণত গেৰুৱা বসন পিন্ধিলে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলৰ শতাধিক কৰ্মী

মৰাণ,১৪ মাৰ্চ: মৰাণ সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদত মোক্ষম আঘাত । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে মৰাণৰ দুয়োটা দলৰ শতাধিক কৰ্মীয়ে দল দুটাৰ পৰা পদত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰে । দেওবাৰে দুয়োটা দলৰে দুই শতাধিক জিলা তথা সমষ্টিৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

ৰাজ্যিক সমিতিৰ বিষয়ববীয়া উজ্বল কাশ্যপৰ লগতে বিজেপিৰ খোৱাং মণ্ডল সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ দুৱৰা, সাঃ সম্পাদক বিক্ৰম খাৰিয়াৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক কবিন্দ্ৰ ঢেকীয়াল ফুকনৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

মৰাণত গেৰুৱা বসন পিন্ধিলে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলৰ শতাধিক কৰ্মী
মৰাণত গেৰুৱা বসন পিন্ধিলে দুই শতাধিক লোকে

উল্লেখ্য যে, অসমত জন্ম লাভ কৰা নতুন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে ২১ ৰ বিধানসভা নিৰ্বাচন হৈছে প্ৰথম নিৰ্বাচন । কিন্তু সমাগত নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ সমষ্টিয়ে-সমষ্টিয়ে এই দুই ৰাজনৈতিক দলৰ কৰ্মীৰ মাজত দেখিবলৈ পোৱা গৈছে সংঘাত । মৰাণতো ইয়াৰ অনুৰূপ প্ৰতিচ্ছবি দেখা গৈছে । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবে দেওবাৰে দুই শতাধিক জিলা তথা সমষ্টিৰ নেতা-কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ৷

লগতে পঢ়ক: সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.