ETV Bharat / state

ভূমি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বাধা জয়পুৰ আৰক্ষীৰ

author img

By

Published : Jul 7, 2020, 9:59 PM IST

ভূমি আইনৰ বিৰুদ্ধে কোভিড-19 প্ৰটকল পালনৰ মাজেৰে কৃষক সভা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জয়পুৰ চাৰিআলিত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লওঁতেই মঙলবাৰে কাৰ্যসূচী ৰূপায়নত বাধা প্ৰদান কৰে জয়পুৰ আৰক্ষীয়ে ৷

agriculture-act-protest-aginest-jaypur-police-not-allowe-farmers
ভূমি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বাধা জয়পুৰ আৰক্ষীৰ

নাহৰকটীয়া,7জুলাইঃ কৃষক শব্দটোৱেই যেন এতিয়া মূৰৰ কামোৰণি সৃষ্টি কৰে চৰকাৰ প্ৰশাসনৰ ৷ সেই কথা মঙলবাৰে প্ৰমাণ কৰিলে জয়পুৰ আৰক্ষীয়ে ৷ শাসনাধিষ্ট চৰকাৰখনৰ খিলঞ্জীয়া বিৰোধী নীতিৰ প্ৰতিবাদ কৰাৰ বাবেই এটাৰ পিছত আনটো গোছৰ জাপি দি কৃষক নেতা অখিল গগৈক কাৰাৰোদ্ধ কৰি ৰখা চৰকাৰ খনে ৰাজ্যৰখনৰ দৰিদ্ৰ কৃষক সকলে নিজৰ অধিকাৰৰ বাবে উত্থাপন কৰা প্ৰতিটো কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলাইছে ৷ উল্লেখ্য যে, ভূমি আইনৰ বিৰুদ্ধে কোভিদ-19 প্ৰটকল পালনৰ মাজেৰে কৃষক সভা ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জয়পুৰ চাৰিআলিত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লওঁতেই মঙলবাৰে কাৰ্যসূচী ৰূপায়নত বাধা প্ৰদান কৰে জয়পুৰ আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, মূলত কৃষিভূমি উদ্যোগপতিক হস্তান্তৰ কৰিব বিচৰা অসম চৰকাৰৰ অধ্যাদেশ বাতিল কৰাৰ দাবীৰ লগতে অন্য তিনিটা গুৰুত্বপূৰ্ণ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল যদিও, জয়পুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰাত অৱশেষত উপায়হীন হৈ জয়পুৰ থানাৰ অন্তৰ্গত আলিছিগা গাৱঁ‌ত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী দলটোৱে । প্ৰতিবাদী কাৰ্যসূচীত অশগ্ৰহণ কৰা সংগঠনটোৰ বিষয়ববীয়া সুৰেশ চন্দ্ৰ ডেকাই কৃষক ৰাইজৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ যি অধিকাৰ ভাৰতীয় সংবিধানে দিছে সেইয়া দমনমূলক নীতিৰে আৰক্ষীয়ে বাধা আৰোপ কৰাক তীব্ৰ ভাষাৰে প্ৰতিবাদ জনাই । স্বাধীন ভাৰতত থাকিও পুলিচ প্ৰশাসনৰ এই পৰাধীনতাত তেখেতে দুখ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰে নতুন ভূমি নীতিৰ ওপৰত যি অধ্যাদেশ জাৰি কৰিছে সেইয়া শীঘ্ৰে বাতিল কৰাৰ দাবী জনাইছে ৷

এতিয়া কৃষক ৰাইজে প্ৰশ্ন অবতাৰণা কৰিছে যে, বিগত কেইবাদিনধৰি বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা এইখন অসমতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱা কৃষকক আৰক্ষীয়ে বাধা দিয়াৰ আঁৰৰ ৰহস্য কি ৷ সংবিধান সুৰক্ষাৰ শপত লোৱা আৰক্ষীয়েও এতিয়া বিবেক বিক্ৰী কৰি জনসাধাৰণৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা পুঁজিপতি চৰকাৰ খনৰ নিৰ্দেশত হয় হুজুৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে কৃষক সকলে ৷ লগতে পঢ়কঃ আজাৰাত অনুস্থিত নহয় ঐতিসাহিক মনসা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.