ETV Bharat / sports

পেৰিছ অলিম্পিকৰ তৃতীয় দিন: পদকৰ যুঁজত আজি অৱতীৰ্ণ হ'ব এইসকল ভাৰতীয় খেলুৱৈ - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 6:10 AM IST

29 July India Olympic schedule: ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকেৰে পেৰিছ অলিম্পিক ২০২৪ ৰ দ্বিতীয় দিনটোত ভাৰতক প্ৰথমটো পদক প্ৰদান কৰে । এতিয়া তৃতীয় দিনা ভাৰতৰ কোন কোন খেলুৱৈ কাৰ বিৰুদ্ধে কেতিয়া খেলিব, এই বিষয়ে আমি আপোনালোকক বিতংভাৱে জনাবলৈ ওলাইছো । সম্পূৰ্ণ খবৰ পঢ়ক...

29 July India Olympic schedule
আজি পদকৰ যুঁজত অৱতীৰ্ণ হ'ব এইসকল ভাৰতীয় (AP Photo)

স্পৰ্টছ ডেস্ক, 29 জুলাই : 2024 চনৰ পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনটোত ভাৰতৰ বাবে আশাপ্ৰদ আছিল ৷ দ্বিতীয়টো দিনত ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ পেৰিছ অলিম্পিকত ভাৰতৰ এইটোৱেই হৈছে প্ৰথম পদক ৷ আজি আমি ভাৰতৰ তৃতীয় দিনৰ সম্পূৰ্ণ সূচী আপোনালোকক জনাবলৈ ওলাইছো ৷ তৃতীয় দিনা ভাৰতীয় খেলুৱৈসকলে শ্বুটিং, বেডমিণ্টন, টেবুল টেনিছ আৰু আৰ্চাৰীত দেশৰ হৈ উজ্জ্বল প্ৰদৰ্শন আগবঢ়োৱা দেখা যাব ৷

29 জুলাইত অনুষ্ঠিত হ'বলগীয়া ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা :

বেডমিণ্টন : ভাৰতক তৃতীয়টো দিন বেডমিণ্টনৰে আৰম্ভ কৰা দেখা যাব ৷ প্ৰথমখন মেচ হ’ব পুৰুষৰ ডাবলছ, য’ত সাতৱিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে জাৰ্মানীৰ লেমছফছ মাৰ্ক আৰু ছেইডেল মাৰ্ভিনৰ বিৰুদ্ধে খেলা দেখা যাব ৷ ক্ৰাষ্টো তানিছা আৰু অশ্বিন পুন্নাপ্পাই ভাৰতৰ হৈ মহিলা ডাবলছত খেলা দেখা যাব ৷ তেওঁলোকৰ মেচখন জাপানৰ মাটছুয়ামা নামি আৰু চিহাৰুৰ সৈতে আছে ৷ বেডমিণ্টনত পুৰুষৰ একক মেচত ভাৰতৰ হৈ খেলা দেখা যাব লক্ষ্য সেনক ৷ তেওঁ গ্ৰুপ ষ্টেজৰ মেচত বেলজিয়ামৰ কাৰাগি জুলিয়েনৰ বিৰুদ্ধে অৱৰ্তীৰ্ণ হ’ব ৷

  • পুৰুষৰ ডাবলছ - (গ্ৰুপ ষ্টেজ) : সাতৱিক ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টী - দুপৰীয়া 12.00 বজাত ৷
  • মহিলা ডাবলছ (গ্ৰুপ ষ্টেজ): ক্ৰাষ্টো তানিছা আৰু অশ্বিন পুন্নাপ্পা - নিশা 12.50 বজাত ৷
  • বেডমিণ্টন পুৰুষৰ একক গ্ৰুপ ষ্টেজ মেচ (লক্ষ্য সেন) - সন্ধিয়া 6.30 বজাত ৷

লগতে পঢ়ক : ৰোমাঞ্চকৰ বিজয়েৰে পি ভি সিন্ধুৰ অলিম্পিকৰ অভিযান আৰম্ভ - Paris Olympics 2024

শ্বুটিং : 29 জুলাই ভাৰতৰ বাবে সম্পূৰ্ণ শ্বুটিংৰ সময়সূচীৰে ভৰ্তি হ’বলৈ গৈ আছে ৷ 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম অৰ্হতাত ভাৰতৰ হৈ একক শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ আৰু সৰবজোৎ সিঙে টিম 1ত খেলা দেখা যাব ৷ আনহাতে ৰিদম চাংৱান আৰু অৰ্জুন চিমাক টিম 2ৰ হৈ খেলা দেখা যাব ৷ পুৰুষৰ ট্ৰেপ অৰ্হতাত ভাৰতৰ হৈ পৃথ্বীৰাজ টণ্ডাইমানক দেখা যাব ৷ 10 মিটাৰ এয়াৰ ৰাইফল মহিলাৰ ফাইনেলত ৰমিতা জিন্দাল আৰু 10 মিটাৰ এয়াৰ ৰাইফল পুৰুষৰ ফাইনেলত অৰ্জুন বাবুতাক দেখা যাব ৷

  • 10 মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম অৰ্হতা (মনু ভাকেৰ আৰু সৰবজোৎ সিং - দল 1) (ৰিদম চাংৱান আৰু অৰ্জুন চিমা - দল 2) - 12.45 বজাত ৷
  • পুৰুষৰ ট্ৰেপ অৰ্হতা (পৃথ্বীৰাজ টণ্ডাইমান) - দুপৰীয়া 1 বজাত ৷
  • 10 মিটাৰ এয়াৰ ৰাইফল মহিলাৰ ফাইনেল (ৰমিতা জিন্দাল) - দুপৰীয়া 1 বজাত ৷
  • 10 মিটাৰ এয়াৰ ৰাইফল পুৰুষৰ ফাইনেল (অৰ্জুন বাবুতা) - বিয়লি 3.30 বজাত ৷

লগতে পঢ়ক : অৰ্হতা ৰাউণ্ডতে অভিযান সামৰিলে সৰবজোৎ-অৰ্জুনে - Paris Olympics 2024

হকী : ভাৰতীয় পুৰুষৰ হকী দলটোৱে গ্ৰুপ বি-ৰ (B) দ্বিতীয়খন মেচ আৰ্জেণ্টিনাৰ সৈতে খেলা দেখা যাব ৷ অন্তিমখন খেলত ভাৰতে নিউজীলেণ্ডক 3-2 ব্যৱধানত পৰাস্ত কৰিছিল ৷

  • হকী পুৰুষৰ পুল-বি (ভাৰত বনাম আৰ্জেণ্টিনা): বিয়লি 4.16 বজাত ৷

আৰ্চাৰী : ভাৰতৰ হৈ পুৰুষৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেল মেচত আৰ্চাৰীত খেলা দেখা যাব ৷ ভাৰতীয় দলটোত আছে বোম্মাদেৱৰা ধীৰাজ, জাধৱ প্ৰবীণ ৰমেশ আৰু ৰায় তৰুনদীপৰ দৰে তাৰকা ধনুৰ্দ্ধৰ ৷

  • আৰ্চাৰী পুৰুষ দলৰ কোৱাৰ্টাৰ ফাইনেল (বোম্মাদেৱৰা ধীৰাজ, জাধৱ প্ৰবীণ ৰমেশ আৰু ৰায় তৰুনদীপ) - সন্ধিয়া 7.31 বজাত ৷

টেবুল টেনিছ : ভাৰতৰ হৈ টেবুল টেনিছত দেখা যাব শ্ৰীজা আকুলা ৷ মহিলাৰ একক ৰাউণ্ডৰ 32 ত দেখা যাব তেওঁক ৷

  • মহিলা একক ৰাউণ্ড ৰাউণ্ড অৱ 32 (শ্ৰীজা আকুলা) - নিশা 11.30 বজাত ৷

লগতে পঢ়ক : ইতিহাস ৰচিলে মনু ভাকৰে : ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলা শ্বুটাৰ - paris olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.