ETV Bharat / bharat

আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক এই ৰাশিৰ লোক...জানক আপোনাৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 29th July

author img

By ETV Bharat Features Team

Published : Jul 29, 2024, 12:58 AM IST

Daily horoscope : কাজিয়া-বিবাদত লিপ্ত হ’লে শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল হৈ পৰিব পাৰে এইসমূহ ৰাশিৰ জাতক-জাতিকা...সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক আৰু অধিক জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 29th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: ঘৰুৱা পৰিৱেশ ভালে থাকিব ৷ বন্ধু আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত স্বাস্থ্যৰ দিশত কিছু পৰিৱৰ্তন লক্ষ্য কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে ৷ শাৰীৰিক তথা মানসিকভাৱে দুৰ্বল হৈ পৰিব পাৰে ৷

বৃষ ৰাশি: বিভ্ৰান্ত মনে কষ্টত পেলাব পাৰে ৷ পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷ প্ৰিয়জনৰ সৈতে বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে মধ্যাহ্নৰ পিছত এই সমস্যাবোৰৰ কিছুমানৰ পৰা সকাহ পাব পাৰে, যাৰ ফলত প্ৰবল উৎসাহেৰে কাম কৰি যাব পাৰিব ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ শাৰীৰিক আৰু মানসিক অৱস্থাই আপোনাক হতাশ নকৰে ৷ আপোনাৰ ঘৰুৱা পৰিৱেশ উত্‍সাহপূৰ্ণ হৈ থকাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: বন্ধুসকলৰ পৰা উপকৃত হ’ব পাৰে ৷ নতুন ব্যক্তিৰ সৈতেও আপোনাৰ বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে, যিসকলে হয়তো অদূৰ ভৱিষ্যতত আপোনাক উপকাৰ কৰিব পাৰে ৷ আৰ্থিক লাভ আশা কৰাতকৈও অধিক হ’ব পাৰে ৷ সৰু-সুৰা ভ্ৰমণলৈ যাব পাৰে ৷ চৰকাৰী লাভ পোৱাৰো সম্ভাৱনা আছে ৷ আনৰ কামত বা বিষয়ত হেতা-ওপৰা কৰাৰ পৰা দূৰত থাকক ৷ আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে থাকক ৷

কৰ্কট ৰাশি: নিজৰ পেছা আৰু ব্যক্তিগত বিষয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰক লৈ আলোচনা কৰিব পাৰে, যাৰ ফলত দিনটোক এটা ভাল দিন কৰি তুলিব পাৰিব ৷ অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰি যাব পাৰে; অৱশ্যে মধ্যাহ্নৰ পিছত কিছু সকাহ আশা কৰিব পাৰে ৷ বন্ধুসকলৰ সৈতে লগ ধৰিব পাৰে ৷ তেওঁলোকৰ সৈতে সৰু-সুৰা ভ্ৰমণৰো যোগ আছে ৷

সিংহ ৰাশি: উদ্বিগ্ন হৈ পৰিব পাৰে আৰু লগতে মানসিক আৰু শাৰীৰিকভাৱেও ভাগৰুৱা হৈ থাকিব পাৰে ৷ অনাৱশ্যক কাজিয়া বিবাদ এৰাবলৈ নিজৰ আগ্ৰাসী মনোভাৱক ক্ষান্ত কৰি ৰাখক ৷ মানুহৰ সৈতে কাজিয়া বিবাদত জড়িত হৈ পৰিলে আপোনাৰ চাৰিওফালে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে ৷

কন্যা ৰাশি: অধিবিদ্যাৰ প্ৰতি আকৃষ্ট হোৱাৰ সম্ভাৱনা আছে ৷ কাজিয়া এৰাই চলিবলৈ কথা কওঁতে সাৱধান হওক ৷ স্বাস্থ্য অলপ বেয়া হ’ব পাৰে ৷ মধ্যাহ্নৰ পিছত আপুনি সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানত যাবলৈ সমৰ্থ নহ’বও পাৰে ৷

তুলা ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে ৷ প্ৰিয়জনৰ সৈতে সাক্ষাতৰ ফলত আনন্দ লাভ কৰিব ৷ দাম্পত্য জীৱনৰ সন্তুষ্টিয়ে আপোনালৈ অধিক আনন্দ কঢ়িয়াই আনিব ৷ নিজৰ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷ আধ্যাত্মিক ক্ৰিয়াকলাপ সম্পন্ন হোৱাৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: বিভিন্ন ধৰণৰ কাম-কাজত ব্যস্ত হৈ থাকিব পাৰে ৷ লগতে গোটেই দিনটো উৎসাহিত হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে ৷ দাম্পত্য জীৱনো সুখেৰে ভৰি পৰিব ৷ সামাজিক কামত প্ৰশংসিত হ’ব ৷ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত প্ৰেম আৰু মৰম বৃদ্ধি পাব পাৰে ৷

ধনু ৰাশি: পুৱা শিথিলতা অনুভৱ কৰিব পাৰে ৷ কাম কৰাৰ নামত অ’ত ত’ত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে ৷ যি পৰিমাণ কঠোৰ পৰিশ্ৰম কৰিব, ফল তাতকৈ কম পাব ৷ কিন্তু মধ্যাহ্নভোজনৰ পিছত মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব পাৰে ৷ দিনটো বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব ৷ ধৰ্মকৰ্ম আৰু দানধৰ্মৰ কামত জড়িত হ’ব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷

মকৰ ৰাশি: অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব ৷ সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক ৷ মানসিক অস্থিৰতাত ভুগিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব ৷ আঁকোৰগোজ হৈ থাকিলে একো লাভ নহ’ব ৷ অলপ নমনীয় হওঁক ৷ সন্তানক লৈ দুশ্চিন্তাত ভুগিব ৷ চৰকাৰী ক্ষেত্ৰত আৰু নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে কাম কৰি সফলতা পাব ৷ সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ৷

কুম্ভ ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে আজি উৎসাহিত হ’ব ৷ দিনটো লেখকসকলৰ কাৰণে ভাল ৷ কিন্তু মধ্যাহ্নৰ পিছত বা সন্ধিয়া পৰিস্থিতি সলনি হ’ব ৷ আৰ্থিক প্ৰতিবন্ধকতাত পৰিব পাৰে ৷ কোনোবাই নিজৰ কথা বা আচৰণেৰে আপোনাৰ মনত আঘাত দিব পাৰে ৷ সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক ৷ আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ৷

মীন ৰাশি: দিনটো মধ্যমীয়া ৷ অত্যধিক আৰ্থিক ব্যয়ে বিৰক্ত কৰিব পাৰে; নিৰীক্ষণ কৰক ৷ কথা কওঁতে সচেতন হওক; অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মূখীন হ’ব পাৰে ৷ কোনো কথাত বিভ্ৰান্ত হৈ পৰিব পাৰে ৷ শুদ্ধ সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ অভাৱ হ’ব পাৰে ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.