ETV Bharat / state

তৰুণ ৰাম ফুকন-গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম পূৰ্ব বংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিছিল: পীযুষ হাজৰীকা - Tarun Ram Phukan Death anniversary

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:58 PM IST

Death anniversary of Tarun Ram Phukan: আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি । ২৮ জুলাইক দেশভক্তি দিৱস হিচাপে উদযাপন কৰি অহা হৈছে |

Death anniversary of Tarun Ram Phukan
দেশভক্তি দিৱস (ETV Bharat Assam)

গুৱাহাটী,২৮ জুলাই: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দেওবাৰে জনতা ভৱনৰ সভাকক্ষত ৰাজ্যিক ভিত্তিত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হয় 'দেশভক্তি দিৱস' । এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

চৈয়দ ছাদুল্লা সন্দৰ্ভত পীযুষ হাজৰীকা

এই দিৱসৰ মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি পীযুষ হাজৰীকাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব প্ৰদান কৰা দেশভক্ত তৰুণ ৰাম ফুকনৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আলোকপাত কৰি কয়, "আহোম সেনানায়ক লাচিত বৰফুকনে যেনেদৰে আগ্ৰাসী মোগলৰ আগ্ৰাসন ৰোধ কৰি অসমৰ স্বাভিমান আৰু ঐতিহ্য ৰক্ষা কৰিছিল তেনেদৰে দূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক চিন্তাধাৰা তথা প্ৰচুৰ বিচক্ষণতাৰে দেশভক্ত তৰুণ ৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম পূৰ্ব বংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিছিল ।" মন্ত্ৰী হাজৰীকাই পুনৰ কয়, "৩০ ৰ দশকত অসমৰ এচোৱা অতি সংবেদনশীল সময়ত তৰুণ ৰাম ফুকনে ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী সিদ্ধান্তৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । ১৯৩৭ চনত অসমত বিধানসভা গঠন কৰাৰ পাছত চৈয়দ ছাদুল্লাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাত অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৈয়দ ছাদুল্লাই কৰা অভিসন্ধিৰ কথা তৰুণ ৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই দূৰদৰ্শী চিন্তাৰে প্ৰথমৰে পৰাই বুজিছিল আৰু সজোৰে ইয়াৰ বিৰোধ কৰিছিল ।"

তেওঁ কয় "দেশভক্ত তৰুণ ৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতা অসমত নথকা হ’লে চৈয়দ ছাদুল্লাৰ অভিসন্ধি অনুসৰি অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আজি সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ মানচিত্ৰই হয়তো সলনি হৈ পৰিলেহেঁতেন ।"

ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ:

দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যিক ভিত্তিত কেইবাটাও পৰ্যায়ত অনুষ্ঠিত ৰচনা প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । ভাষণত প্ৰসংগত তেওঁ কয়," শিক্ষাৰ্থী হিচাপে দেশভক্ত তৰুণ ৰাম ফুকন অত্যন্ত মেধাৱী আছিল । লণ্ডনৰ পৰা বেৰিষ্টাৰ হৈ আহি আত্মকেন্দ্ৰিক হোৱা হ'লে তেওঁ আজি হয়তো সফল বেৰিষ্টাৰ হ'লহেতেঁন কিন্তু 'দেশভক্ত'ক আমি নাপালোহেঁতেন ।" আজি ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক মন্ত্ৰীগৰাকীয়ে জাতি আৰু দেশৰ প্ৰতি সমৰ্পিত মনোভাৱ আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ আহ্বান জনায় । তথ্য আৰু জনসংযোগ অসমৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াই বক্তব্য প্ৰদান কৰা দেশভক্তি দিৱসৰ অনুষ্ঠানত দেশভক্ত তৰুণ ৰাম ফুকনৰ পৰিয়ালৰ প্ৰতিনিধিসকল ক্ৰমে ৰূপম খাউণ্ড, গৌৰৱ গোস্বামী, কৌশিক ৰাম ফুকন, কুনাল ৰাম ফুকন, স্মৃতাক্ষী গোস্বামী আৰু শোভাংগী ভট্টাচাৰ্যক জনসংযোগ বিভাগে সম্বৰ্ধনা জ্ঞাপন কৰে।

ৰচনা প্ৰতিযোগিতাত স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিৰ্দ্ধাৰিত 'গ' শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে শ্যামন্তিকা মহন্তই । আনহাতে, আজি পুৱা তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব অৰুণা ৰাজৰিয়াই মেয়ৰ মৃগেন শৰণীয়া আৰু আন বিভাগীয় বিষয়াৰ উপস্থিতিত ভৰলুমুখৰ দেশভক্ত তৰুণ ৰাম ফুকন উদ্যানত দেশভক্তগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ 'মন কি বাত'ত চৰাইদেউ মৈদামৰ প্ৰসংগ - Mann Ki Baat

বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন - Sonitpur District Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.