ETV Bharat / bharat

বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

author img

By ETV Bharat Features Team

Published : Jul 28, 2024, 12:56 AM IST

Weekly Horoscope for 28th July to 3rd August: এই সপ্তাহত বহু জাতক-জাতিকাৰ জীৱনলৈ আহিব ইতিবাচক বহু পৰিৱৰ্তন ৷ আপোনাৰ কেনে হ’ব অনাগত সপ্তাহটো? জানক আমাৰ জ্যোতিষশাস্ত্ৰবিদ পৰা...

Weekly Horoscope
Weekly Horoscope for 28th July to 3rd August (ETV Bharat)

মেষ ৰাশি : এই সপ্তাহত মেষ ৰাশিৰ লোকসকলে তেওঁলোকৰ চেষ্টাৰ মিশ্ৰিত ফলাফল দেখিবলৈ পাব । কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফলত সুযোগ লাভ কৰিব, কিন্তু সেয়া আপুনি বিচৰা ধৰণৰ নহ’বও পাৰে । অৱশ্যে আপোনাৰ হাতলৈ অহা কোনো সুযোগ এৰি নিদিব ৷ পেটৰ সমস্যা হ’ব পাৰে । এনে পৰিস্থিতিত খোৱা-বোৱা আৰু দৈনন্দিন ৰুটিনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক । কঠিন পৰিস্থিতিত আপোনাৰ জীৱন সংগীৰ সহযোগিতাই আপোনাক যথেষ্ট সকাহ প্ৰদান কৰিব । এই সপ্তাহটোত আপোনাৰ স্বাধীন আৰু মুক্ত হোৱাৰ ইচ্ছা জাগিব ৷ এই ইচ্ছাৰ ফলত আপোনাক পৰিয়াল তথা ব্যক্তিগত সম্পৰ্কৰ সৈতে দূৰত্ব বাঢ়িব ৷ বিভ্ৰান্তি আঁতৰোৱাৰ বাবে নিজৰ শুভাকাংক্ষীৰ মতামত লওক আৰু যিকোনো বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্বে দহবাৰ চিন্তা কৰক ।

বৃষ ৰাশি : এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ আৰু সৌভাগ্যপূৰ্ণ হ’ব । এই সপ্তাহত আপুনি গুৰুত্বপূৰ্ণ পেছাগত আৰু ব্যৱসায়িক কৃতিত্ব লাভ কৰিব পাৰিব । কৰ্মক্ষেত্ৰত আপোনাৰ উৰ্ধতন বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব, যাৰ ফলত আপুনি নিজৰ পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে নাইবা আপোনাক অধিক দায়িত্ব দিয়া হ’ব পাৰে । প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব । আপুনি নিজৰ সংগীৰ সৈতে সুন্দৰ সময় কটাব । বৈবাহিক জীৱন সুখময় হ'ব । সপ্তাহৰ মাজভাগত এগৰাকী জ্যেষ্ঠ বা ক্ষমতাশালী ব্যক্তিক লগ পোৱাটো ভৱিষ্যতৰ বাবে লাভজনক হ’ব । উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব । আপোনাৰ চিন্তা, চখ আৰু আগ্ৰহ, সন্তান আৰু আনুষংগিক বিষয় আদিয়ে আপোনাৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব । আপোনাৰ কাম-কাজৰ পৰিসৰ বৃহৎ হ’ব ।

মিথুন ৰাশি : এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ ওপৰত কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব । যদি আপোনাৰ জীৱনৰ কোনো গুৰুতৰ সমস্যাই আপোনাক মানসিকভাৱে অশান্তি দিছে, তেন্তে চিন্তিত হোৱাৰ পৰিৱৰ্তে শীতল মস্তিষ্কৰে তাৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক । ব্যৱসায়ত মোটামুটি লাভ অৰ্জনৰ সম্ভাৱনা আছে । কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত বিবাদত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিয়ক । ব্যৱসায় আগবঢ়াই নিবলৈ বা কোনো আঁচনিৰ সৈতে জড়িত হ’বলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো বুদ্ধিমানৰ কাম হ’ব । সপ্তাহৰ শেষৰ ফালে আপুনি আৰু আপোনাৰ জীৱন সংগী কোনো ধৰ্মীয় স্থান দৰ্শনৰ বাবে যাব পাৰে । প্ৰেমৰ সম্পৰ্কত যদি আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা ভুল বুজাবুজি হয় তেন্তে কোনো বন্ধুৰ সহায়ত সমস্যাৰ সমাধান হ’ব ।

কর্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ সপোন এই সপ্তাহত বাস্তৱায়িত হ’ব । গোটেই সপ্তাহটোত ভাগ্যই আপোনাক সহায় কৰিব । চাকৰিয়াল লোকসকলৰ বাবে সময় অনুকূল । পদোন্নতিৰ ইচ্ছা পূৰণ হ’ব পাৰে । অৱশ্যে এই সপ্তাহত আপুনি পাৰিবাৰিক বিষয়সমূহৰ বাবে যথেষ্ট সময় আৰু মনোযোগ দিব লাগিব । বিদেশত ব্যৱসায় কৰাসকলে অতিৰিক্ত লাভ অৰ্জন কৰিব পাৰে । কিন্তু জীৱন সংগীৰ সৈতে উন্নত যোগাযোগৰ দ্বাৰা আপুনি নিজৰ সকলো প্ৰত্যাহ্বান সমাধান কৰাই নহয়, পৰিয়ালৰ সৈতেও উত্তম সময় উপভোগ কৰিবলৈ সক্ষম হ’ব । পৰিয়ালৰ সদস্যসকলৰ অনুমোদন লাভ কৰিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ’ব পাৰে । স্বাস্থ্য গতানুগতিক হৈ থাকিব । কৰ্মৰত মহিলাসকলে সপ্তাহৰ শেষৰ ফালে পৰিয়াল আৰু চাকৰিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে । কৰ্মসংক্ৰান্তীয় বিদেশ ভ্ৰমণৰো সুযোগ আছে ।

সিংহ ৰাশি : এই সপ্তাহত সিংহ ৰাশিৰ জাতক/জাতিকাসকলে সৰু-সুৰা কথাবোৰক আওকাণ কৰা উচিত । ইয়াৰ দ্বাৰা সন্তুষ্টি প্ৰাপ্ত হ’ব । এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব । কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মী আৰু উৰ্ধতন বিষয়া উভয়ৰে পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । যদি আপুনি কাৰোবাক প্ৰেম বা বিবাহৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে, তেন্তে কোনো বন্ধুৱে আপোনাক সহায় কৰিব পাৰে । ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত জড়িত থকা লোকসকল সম্পৰ্কৰ বাবে সুখী হ’ব । বিবাহৰ দ্বাৰা আপুনি সন্তুষ্টি লাভ কৰিব । সপ্তাহটোৰ শেষৰ ফালে সন্তানৰ পৰা আপুনি কিছু ইতিবাচক খবৰ শুনিব পাৰে । বতৰ পৰিৱৰ্তনৰ সময়ত স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰক । আত্মীয়-স্বজনৰ অনুভূতিক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব; অন্যথা সমালোচিত হোৱাৰ আশংকা আছে ।

কন্যা ৰাশি : এই সপ্তাহত কিছু বাক-বিতণ্ডাই কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে । সপ্তাহৰ আৰম্ভণিতে আপুনি অসুবিধা আৰু প্ৰত্যাহ্বানৰ বাবে ক্ৰোধিত তথা বিৰক্ত অনুভৱ কৰিব পাৰে । স্বাস্থ্যৰ প্ৰতি থকা অসাৱধানতাই গুৰুতৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । আপোনাৰ ধন বুদ্ধিমত্তাৰে চম্ভালক, অন্যথা আৰ্থিক সংকট আপোনাৰ সমস্যাৰ মূল কাৰণ হ’ব পাৰে । কাৰো দ্বাৰা প্ৰভাৱিত হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব । সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি সামান্য সলনি হ’ব । এই সময়ছোৱাত প্ৰেমাস্পদ নাইবা জীৱন সংগীৰ সৈতে থকা সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব । আপোনাৰ প্ৰেমাস্পদ নাইবা জীৱন সংগীৰ সমৰ্থনে আপোনাক যিকোনো কঠিন সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব । মাতৃৰ স্বাস্থ্যৰ বাবে মনটো অলপ চিন্তিত হৈ থাকিব । পৰিৱৰ্তিত বতৰত দায়িত্বশীল হওঁক আৰু খোৱা-বোৱাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক ।

তুলা ৰাশি : এই সপ্তাহত তুলা ৰাশিৰ লোকসকলে নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ তথা আত্মীয়-স্বজনৰ সৈতে সম্বন্ধ উন্নত কৰিবলৈ যত্ন কৰিব । এগৰাকী বিশেষ ব্যক্তিৰ সহায়ত বহুদিন ধৰি স্থগিত হৈ থকা কামবোৰ ক্ষন্তেকতে সম্পন্ন হ’ব, যাৰ ফলত মন প্ৰসন্ন হ’ব । কেৰিয়াৰ-ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণে সুখ, প্ৰগতি আৰু অপৰিসীম আয় কঢ়িয়াই আনিব । ঘৰ-সম্পত্তি ক্ৰয় আৰু বিক্ৰয় কৰি আপুনি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব আৰু আপোনাৰ জীৱন সংগীয়েও আপোনাক সমানে সহায় কৰিব । স্বাস্থ্য গতানুগতিক হৈ থাকিব, কিন্তু শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ ধ্যান আৰু যোগাসন কৰাটো ভাল । যদি বৰ্তমান আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে ই অতি সোনকালে বিবাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ পৰিয়ালৰ লোকে আপোনালোকৰ প্ৰেম মানি ল’ব ।

বৃশ্চিক ৰাশি : এই সপ্তাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ’ব । সপ্তাহৰ আৰম্ভণিতে কিছু স্বাস্থ্যজনিত চিন্তাই আপোনাক আমনি কৰিব পাৰে । পৰিৱৰ্তিত ঋতুৰ সৈতে শৰীৰৰ ভালদৰে যত্ন লওক আৰু যদি এতিয়াও অসুস্থ হৈ আছে, তেন্তে তাৰ প্ৰতি অসাৱধান নহ’ব; অন্যথা হাস্পতাললৈ যাবলগীয়া হ’ব পাৰে । নিজৰ প্ৰেমাস্পদক পোৱাৰ তথা তেওঁৰ কাষত থকাৰ প্ৰবল ইচ্ছা জাগিব । যদি আপুনি কাৰোবাক প্ৰেম বা বিবাহৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে নাইবা খং কৰি থকা সংগীক সৈমান কৰিবলৈ চেষ্টা কৰিছে, তেন্তে এটা সৰু উপহাৰে আপোনাক সহায় কৰিব পাৰে । পৰিয়ালৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব । এই সপ্তাহত সুবিবেচনা তথা সাৱধানতাৰে কৰা বিনিয়োগে আপোনাক নিজৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে ।

ধনু ৰাশি : এই সপ্তাহটোৱে ধনু ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে নতুন সম্ভাৱনা কঢ়িয়াই আনিব । কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকল আপোনাৰ চেষ্ঠাত সন্তুষ্ট হ’ব পাৰে আৰু গুৰুত্বপূৰ্ণ দায়িত্ব বা পদৰ দায়িত্ব অৰ্পণ কৰিব পাৰে । সামগ্ৰিকভাৱে এই সপ্তাহটোৱে পেছাদাৰী আৰু ব্যৱসায়িক উভয় ক্ষেত্ৰতে অগ্ৰগতিৰ সুযোগ প্ৰদান কৰিব । ব্যৱসায়ৰ বাবে বহু দীৰ্ঘ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে । যদি আপুনি কিছুদিনৰ পৰা কোম্পানীটোত লোকচানৰ সন্মুখীন হৈছে, তেন্তে এই সপ্তাহত এটা ডাঙৰ চুক্তিৰ পৰা অৰ্জিত লাভ ইয়াৰ ক্ষতিপূৰণত সহায়ক হ’ব । উন্নতিৰ সম্ভাৱনা আছে । প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ'ব । বৈবাহিক জীৱন মধুৰ হ’ব । কোনো শুভাকাংক্ষী বা বন্ধুৰ সহায়ত উপাৰ্জনৰ নতুন উৎস প্ৰাপ্ত হ’ব আৰু উপাৰ্জন বৃদ্ধি হ’ব । পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে অসাধাৰণ ফলাফল লাভ কৰিব পাৰে ।

মকৰ ৰাশি : এই সপ্তাহত মকৰ ৰাশিৰ জাতক/জাতিকাসকলে সহজ লাভৰ আশা নকৰাই উচিত । কৰ্মক্ষেত্ৰত অসাৱধান নহ’ব, অন্যথা আপুনি আপোনাৰ মুৰব্বী বিষয়াৰ খঙৰ বলি হ'ব পাৰে । নিজৰ স্বাস্থ্যক আওকাণ নকৰিব । লগতে আপুনি আপোনাৰ প্ৰতি প্ৰকৃততে গুৰুত্ব দিয়া লোকসকলক অৱজ্ঞা নকৰিব । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানে আগবাঢ়িব । জীৱন সংগীৰ অনুভূতিক আওকাণ নকৰিব । আৰ্থিক সংকট দূৰ কৰিবলৈ অতিৰিক্ত আয়ৰ সন্ধান কৰিব লাগিব । আপুনি পেছাদাৰী আৰু সামাজিক কাম-কাজৰ ক্ষেত্ৰত ব্যয় কৰা সময় সীমিত কৰা উচিত ।

কুম্ভ ৰাশি : এই সপ্তাহত আনুগত্য, বিশ্বাস আৰু দৃঢ় সম্পৰ্কৰ ভিত্তিত অংশীদাৰিত্ব গঢ়ি তোলাৰ সুযোগ আহিব, যি আপোনাক এক সুখৰ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব । প্ৰেমৰ সম্পৰ্ক অধিক গাঢ় হৈ পৰিব আৰু আপুনি নিজৰ ৰোমান্টিক সংগীৰ সৈতে অধিক সময় কটাব । সপ্তাহৰ আৰম্ভণিতে আপুনি শংকাৰে লোৱা কাম বা চুক্তিৰ পৰা লাভান্বিত হ’ব । এই সপ্তাহত আপুনি কোনোবা বৃহৎ অৰ্থ বা সমস্যাৰ পৰা সকাহ পাব । সপ্তাহৰ আৰম্ভণিতে আপোনাৰ ধ্যান আৰু ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব । কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । বিলাসী সামগ্ৰীৰ বাবে আৰু অধিক ধন ব্যয় কৰা হ’ব । এই সপ্তাহত জীৱনৰ আনন্দ আৰু সামাজিক মিলামিছা বৃদ্ধি পাব ।

মীন ৰাশি : ব্যস্ততাপূৰ্ণ কৰ্মৰ মাজত পৰিয়ালৰ দায়িত্ব পালন কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে । ব্যক্তিগত আৰু পেছাগত দুয়োটা ক্ষেত্ৰতে আপুনি সমৃদ্ধিশালী হ’ব, কিন্তু টকা-পইচাৰ সন্দৰ্ভত অসন্তুষ্টি থাকিব । সপ্তাহৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে । প্ৰেমৰ সম্পৰ্ক গাঢ় হ’ব, কিন্তু প্ৰেমাস্পদৰ সৈতে সুন্দৰ মুহূৰ্তও কটাব । পাৰিবাৰিক বাদ-বিবাদ সমাধানত আপোনাৰ জীৱন সংগীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আপোনাৰ স্বাস্থ্য গতানুগতিক হৈ থাকিব আৰু কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি চৰকাৰী সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব । ভৱিষ্যতৰ পৰিকল্পনা কৰিবৰ বাবে এই সময়ছোৱা অত্যন্ত ভাল ।

লগতে পঢ়ক: ৰাশিফল অনুসৰি চলিত সপ্তাহত প্ৰেম, শিক্ষা, ব্যৱসায়, কৰ্ম আদিৰ কেনে ফলাফল লাভ কৰিব ? - WEEKLY HOROSCOPE

এই সপ্তাহত বহুকেইটা ৰাশিৰ প্ৰেমৰ সম্পৰ্ক হ’ব গভীৰ...বৈবাহিক জীৱন হ’ব সুখৰ...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.