আমগুৰি : অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ অন্যতম পৰম্পৰাগত উৎসৱ আলি-আঃয়ে-লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে আলি-আঃয়ে-লৃগাং। শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং কপাহতলী মিচিং গাঁৱতো আলি-আঃয়ে-লৃগাং উৎসৱক লৈ মিচিং ডেকা-গাভৰুৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে ।
গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুমধুৰ ছন্দত মিচিং ডেকা-গাভৰুৱে হেঁপাহ পলুৱাই নাচিছে । বসন্তৰ আগমনৰ লগে লগে ফাগুন মাহত মিচিং জনগোষ্ঠীয়ে পালন কৰা উৎসৱ বিশেষকৈ শস্য সম্ভাৱনা আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে দঞি পলক স্মৰণ কৰে ।
উল্লেখ্য যে কৃষিজীৱী মিচিং লোকসকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে । আৰু ইয়াতে সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আঃয়ে-লৃগাং’।
ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি । কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ । এনে সময়তে লৃগাং বিহু উদযাপন কৰা হয় । আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ মানে মূল বা কাণ্ড, ‘আঃয়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন ।
মিচিংসকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি । ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় ।
বুধবাৰৰ দিনটোতে মিচিংসকলে মাংগলিক দিন হিচাপে বিশ্বাস কৰি আহিছে । সেই কাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি-আঃয়ে-লৃগাং পতা হয় । অৱশ্যে পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি-আঃয়ে-লৃগাং পতা নাছিল । মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্যাপন কৰি আহিছে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় বাসিন্দাই কয়, "আজি সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলৰ লগতে অসম-নাগালেণ্ড সীমান্তৰ এই আমগুৰি প্ৰান্তৰ কপাহতলী মিচিং গাঁৱতো আমি উলহ-মালহেৰে আলি-আঃয়ে-লৃগাং উদযাপন কৰিছোঁ । সমগ্ৰ ৰাইজে আমাৰ কপাহতলী গাঁৱৰ বুঢ়া-মেথা, ডেকা-গাভৰু, ল'ৰা-ছোৱালী সকলোৱে একেলগে ইয়াত আমি সমিলমিলেৰে এমাহজোৰা প্ৰস্তুতিৰে উদযাপন কৰিছোঁ । বনৰীয়া শাক-পাচলি, মাটিৰ দাইল, গাহৰিৰ মাংস, আপং আদি পৰম্পৰাগত খাদ্য-সম্ভাৰেৰে এই আলি-আঃয়ে-লৃগাঙত আপ্যায়ন কৰা হ'ব ।"