ETV Bharat / politics

অসমৰ বিজেপি সাংসদসকলে মাত মাতিব লাগিছিল: কিয় ক’লে সাংসদ গৌৰৱ গগৈয়ে ? - Gaurav Gogoi

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 10:30 PM IST

Gaurav Gogoi on package for Assam flood : মুখ্যমন্ত্ৰীয়ে দিল্লীত বিভিন্ন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতো বিহাৰে বেছিকৈ টকা পালে ৷ অহা বছৰত বিহাৰত নিৰ্বাচন হ’ব, এতিয়াৰ পৰাই বাকী ৰাজ্যক অন্যায় কৰা হৈছে ৷ বিজেপি সাংসদসকলে মাত মাতিব লাগিছিল ৷ ক’লে গৌৰৱ গগৈয়ে ৷

Gaurav Gogoi on package for Assam flood
চৰাইদেউত সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

ডিব্ৰুগড়, ২৮ জুলাই : কেন্দ্ৰীয় বাজেট অধিৱেশনৰ পিচতে দেওবাৰে চৰাইদেউত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । চৰাইদেউত উপস্থিত হৈ ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ পিচত সাংসদগৰাকীয়ে সাপেখাতীত কংগ্ৰেছৰ দলীয় কৰ্মীৰ সভাত অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীক দলীয় নেতা-কৰ্মীসকলে সম্বৰ্ধনা জনায় ৷

যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ জয়লাভ কৰা কংগ্ৰেছৰ সাংসদগৰাকী প্ৰথমবাৰলৈ চৰাইদেউ জিলাৰ সাপেখাতীত দলীয় কৰ্মীৰ সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক উৎসাহিত কৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন তৃতীয় এন ডি এ চৰকাৰৰ প্ৰথমখন বাজেটত অসমৰ বানৰ বাবে কোনোধৰণৰ আৰ্থিক পেকেজ প্ৰদান নকৰাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী দিল্লীলৈ গৈ বিভিন্ন বিভাগৰ মন্ত্ৰীক সাক্ষাৎ কৰে ৷ কিন্তু কি হ’ল ? বিহাৰে আমাতকৈ বেছি টকা লাভ কৰিবলৈ সক্ষম হ’ল ৷ আমাৰ অসমৰ বিজেপি দলৰ সাংসদসকলে মাত মাতিব লাগিছিল ৷ তেওঁলোকে মানি লৈছে, আমি মানি লোৱা নাই ৷ আমি গৰিহণা দিছো ৷’’

আনহাতে নীতি আয়োগৰ সভা বৰ্জনৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, ‘‘ আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলে নীতি আয়োগৰ সভা বৰ্জন কৰিছে ৷ আমি কৈছো যে দুখন ৰাজ্যক বিশেষভাৱে মৰম কৰাটো অন্যায় হৈছে ৷ অহা বছৰত বিহাৰত নিৰ্বাচন হ’ব, কিন্তু এই বছৰৰ পৰাই চৰকাৰ সকলোকে অন্যায় কৰিবলৈ আৰম্ভ কৰিছে ৷ অসমৰ বাবে বান সাহাৰ্য অনাত মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে ৷ প্ৰধানমন্ত্ৰী মোদী দুৰ্বল ৷ ’’

লগতে পঢ়ক : নীতিন গাডকাৰীক গামোচা পিন্ধাবলৈ সাজু গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.