মৰাণ, ৩০ অক্টোবৰ: মহালক্ষ্মীৰ আশিস কামনাৰে ডিব্ৰুগড়ৰ মৰাণৰ তেলীয়াপথাৰত দেৱীক আৰাধনা কৰিছে ভক্তপ্ৰাণ ৰাইজে। আজি ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মীৰ পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰাণৰ তেলীয়াপথাৰৰ পূণ্য অৰণ্য নামঘৰতো পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা আগবঢ়োৱা হৈছে দেৱীক।
নামঘৰত ৰাইজে সমূহীয়া সেৱা কৰাৰ পিছতে গাঁও চেমনিয়াসকলে খোল, বৰতাল বজাই দোলা আদি নি গাঁৱৰ ৩টা স্থানৰ পৰা পানী তুলি দেৱী লক্ষ্মীক আদৰি আনে। পৰম্পৰাগত নিয়ম অনুসৰি ৰাইজে বহু বছৰৰ পৰাই এইদৰে মহালক্ষ্মীক পূজি আহিছে।
অধিক মূল্যৰ প্ৰতিমা স্থাপন কৰি জাক-জমকতাৰে পূজা অনুষ্ঠিত নকৰি ব্যতিক্ৰমী ভাৱে প্ৰতিবছৰে দেৱীক সেৱা আগবঢ়ায় তেলীয়াপথাৰৰ ৰাইজে। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে,২০১ ভাগ নামঘৰৰ কমিটীয়ে এইবাৰ সহযোগিতা আগবঢ়াইছে যদিও কৰ'ণা আতংকৰ বাবে পূৰ্বতকৈ অনুষ্টুপীয়াকৈ লক্ষ্মী পূজা পালন কৰা হৈছে।
লগতে পঢ়ক:উন্মুক্ত ট্ৰেন্সফৰ্মাৰে ভাবুকি আনিছে খাৰুপেটীয়াৰ ৰাইজলৈ