ETV Bharat / state

দুলীয়াজানৰ প্ৰকাশ চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - নাহৰফুটুকী

বনবিভাগৰ পিঞ্জৰাত বন্দী হ’ল নাহৰফুটুকী ৷ বন্দী বনৰজাক চাবলৈ ৰাইজৰ ভিৰ দুলীয়াজানৰ প্ৰকাশ চাহ বাগিচাত ৷

-leopard-is-locked-in-cage-at-duliajan-
নাহৰফুটুকী পিঞ্জৰাবদ্ধ
author img

By

Published : Nov 3, 2021, 4:12 PM IST

মৰাণ, 3 নৱেম্বৰ : দুলীয়াজানত বুধবাৰে পুৱাতে এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ৷ দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত বকুলনি চাৰিআলিৰ সমীপৰ প্ৰকাশ চাহ বাগিচাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰা হয় ৷ বাগিচাখনত দীৰ্ঘদিনৰ পৰা কেইবাটাও নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷ অঞ্চলটোত গৰু আৰু ছাগলী ভক্ষণ কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ইতিমধ্যে কেইবাগৰাকীও লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি আহত কৰাৰ বাতৰিও পোৱা গৈছে ৷

কেইদিনমান আগতে বনবিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ৷ প্ৰকাশ চাহ বাগিচাৰ শ্ৰমিকে ৰাতিপুৱা বাঘটো প্ৰত্যক্ষ কৰি ডিগবৈস্থিত বনবিভাগক খবৰ দিয়ে ৷ উক্ত খবৰৰ ভিত্তিত বনবিভাগৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয় ।

ইফালে এই খবৰ চৌদিশে বনজুইৰ দৰে বিয়পি পৰাত কেইবাশতাধিক লোক আহি নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় । বনবিভাগৰ লোকে পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো উদ্ধাৰ কৰি জয়পুৰ বৰ্ষাৰণ্যত মুকলি কৰি দিবলৈ লৈ যায় ৷

লগতে চাওক : 2000 টকাৰ বিনিময়ত উপলব্ধ ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.