মৰাণ,22 নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত চেঁচুঘাটত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী 20 বছৰীয়া যুৱকৰ কামনাৰ বলি হৈছে ৬ বছৰীয়া এটি শিশু ৷ পিতৃ-মাতৃ পথাৰলৈ যোৱাৰ পিছত সমনীয়াৰ সৈতে খেলি থকা শিশুটিক একে গাঁৱৰে বাসিন্দা কল্যাণ বৰুৱা নামৰ ২০ বছৰীয়া যুৱকজনে ফুচুলাই হাবিতলীয়া অঞ্চললৈ নি অসৎ কাৰ্য চৰিতাৰ্থ কৰে ৷
সন্ধিয়া শিশুটিৰ পিতৃ-মাতৃ ঘৰলৈ অহাৰ পাছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ উক্ত ঘটনাৰ পিছতে অসুস্থ হৈ পৰা শিশুটিক পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইপিনে গাঁৱবাসীয়ে অভিযুক্তগৰাকীক কৰায়ত্ব কৰি খোৱাং আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ অধীনত 113/2020 আৰু ইউ/এছ 376 এবি আৰ/ডব্লিউ শাখাত 4 pocso আইনৰ অধীনত এক গোচৰ ৰুজু কৰি কল্যাণ বৰুৱাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে চাওকঃ টিপকাই নৈৰ গৰাখহনীয়াত ভেটি-মাটি উছন নৈপৰীয়াৰ