ETV Bharat / state

নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

author img

By

Published : May 28, 2021, 9:28 AM IST

অৱশেষত আপোন ঘৰলৈ উভতিল পশ্চিমবংগৰ ঝাউকুঠীৰ পৰা আহি অসমত আশ্ৰয় লোৱা বহু লোক । যোৱা ২ মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে পশ্চিমবংগৰ ঝাউকুঠীত‌ আৰম্ভ হৈছিল নিৰ্বাচনী হিংসা । আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ বহু লোকে নিজৰ ঘৰ এৰি আহি অসমৰ ৰণপাগলীত আশ্ৰয় লৈছিল ।

Post election violence in West Bengal
নিজ ৰাজ্যলৈ উভতিল অসমৰ ৰণপাগলীত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

গোলকগঞ্জ, ২৮ মে': পশ্চিমবংগ চৰকাৰে নিৰাপত্তাৰ আশ্বাস দিয়াৰ পিছতে নিজ ৰাজ্যলৈ উভতিল পশ্চিমবংগৰ ঝাউকুঠীৰ পৰা পলায়ন কৰি অসমত আশ্ৰয় লোৱা লোকসকল । এই লোকসকলৰ অভিযোগ অনুসৰি, তৃণমূল কংগ্ৰেছৰ সমৰ্থকে পৰিকল্পিতভাৱে কাজিয়াৰ সূত্ৰপাত কৰি বিজেপি সমৰ্থকক প্ৰহাৰ কৰিছিল । তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ আক্ৰমণৰ পৰা বাদ নপৰিল মহিলা, আৰু কণ কণ শিশুও ।

এই ঘটনাত ২০ জনৰো অধিক লোক আহত হয় । উপায়হীন হৈ প্ৰাণৰ মমতাত বিজেপি সমৰ্থক আৰু তেওঁলোকৰ পৰিয়ালে নিজ ৰাজ্য, আপোন ঘৰ এৰি পলায়ন কৰে । ইয়াৰ পিছতে তেওঁলোকে অসমৰ ৰণপাগলীত আশ্ৰয় লয় । আহত লোকসকলক অসমৰ সত্ৰশাল ক্ষুদ্ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনা সন্দৰ্ভত তেওঁলোকে পশ্চিমবংগ আৰক্ষীৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ।

কিয়নো, তুফানগঞ্জলৈ গ'লে আধা বাটতে পুনৰ আছে আক্ৰমণৰ বলি হোৱাৰ সম্ভাৱনা আছে । সেয়ে, অসমৰ গোলকগঞ্জৰ আগমনি থানাত এজাহাৰ দাখিল কৰিবলৈ উপস্থিত হয় এই সকল লোক । শেহতীয়াকৈ পশ্চিমবংগৰ ৰাজ্যপালৰ লগতে অসমৰ মন্ত্ৰী ৰণজিৎ দাসেও পৰিস্থিতিৰ বুজ লৈছিল । পৰৱৰ্তী সময়ত পশ্চিমবংগ চৰকাৰে সুৰক্ষাৰ আশ্বাস দিয়াত এই লোকসকল নিজ ৰাজ্যলৈ উভতি যায় ।

লগতে পঢ়ক:সমষ্টি এৰি ক’ত হেৰাল সাংসদ গৌৰৱ গগৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.