পূৱ বিলাসীপাৰা,২৩ মে': সমগ্ৰ দেশতে কাল কৰ'ণাৰ বিভীষিকাময় পৰিৱেশ অব্যাহত আছে । দেশৰ লগতে অসমৰ ধুবুৰী জিলাতো দৈনিক বৃদ্ধি পাইছে মহামাৰীৰ সংক্ৰমণ । জিলাখনৰ পূৱ বিলাসীপাৰাৰ চাপৰত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । দেওবাৰে চাপৰৰ দুজনকৈ লোকে মহামাৰীৰ বাবে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । মৃত্যু হোৱা লোক দুজনৰ এজনে চাপৰৰ শালকোচাত আৰু আনজনে বঙাইগাঁৱত প্ৰাণ হেৰুৱায় ।
চাপৰ নিবাসী ৰুচেন চন্দ্ৰ নাথ (৫৫) নামৰ ব্যক্তিগৰাকীৰ বিলাসীপাৰাৰ দীপৰখুঁটি ক'ভিড হাস্পতালত মৃত্যু হয় । উল্লেখ্য যে, ৰুচেন চন্দ্ৰ নাথ ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰিও হৃদৰোগত আক্ৰান্ত আছিল । আনগৰাকী সত্যপুৰৰ নিৱাসী জেউতী কলিতা (৩৬) ৷ বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । মৃত মহিলা গৰাকী গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, বৰ্তমানলৈ ধুবুৰীত ২,৭৩৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ ১৩৩ গৰাকী মহামাৰী কৰ'ণাৰ কবলত পৰে ।
লগতে পঢ়ক: ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ অভিযান