ETV Bharat / state

Student Union Body Election: নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী আইন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Dec 20, 2022, 7:47 AM IST

ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ (Student Union Body Election) নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ চৌহদত আবদ্ধ কৰি ৰাখিলে অধ্যক্ষ-প্ৰৱক্তাক (Tense Situation at Dhubri law college) ৷

Tense Situation at Dhubri law college
ধুবুৰী আইন মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ধুবুৰী আইন মহাবিদ্যালয়ত

ধুবুৰী, 20 ডিচেম্বৰ: ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ (Student Union Body Election) নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ সোমবাৰে সন্ধিয়া ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি কলেজ চৌহদত একাংশ প্ৰাৰ্থী আৰু সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতেই হঠাৎ সলনি হয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্বাচনী কৌশল ৷

শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি নিৰ্বাচনলৈ মাথোঁ দুটা দিন থাকোতেই একাংশ অচিনাকী লোক মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীক সাক্ষাৎ কৰে (Tense Situation created by student)৷ তাৰ পিচতেই হঠাৎ মনোনয়ন পত্ৰ উঠাই লোৱাৰ বিপৰীতে নতুনকৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰাৰ্থীসকলক অৱগত কৰে ৷

কিন্তু প্ৰাৰ্থী আৰু সমৰ্থক শিক্ষাৰ্থীয়ে ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰি উত্তেজিত হৈ পৰে (Tense Situation at Dhubri law college) ৷ শিক্ষাৰ্থীৰ ৰণচণ্ডী ৰূপ দেখি উৰ্ধ্বতন কৰ্তৃপক্ষৰ হেঁচাৰ বাবে ধুবুৰী আইন মহাবিদ্যালয় কৰ্তৃপক্ষই এনে সিদ্ধান্ত ল’বলগীয়া হৈছে বুলি শিক্ষাৰ্থীসকলক অৱগত কৰাৰ লগে লগে মহাবিদ্যালয় চৌহদত আৰু উত্তেজনাৰ সৃষ্টি হয় ৷

উত্তেজিত প্ৰাৰ্থী আৰু একাংশ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ, প্ৰবক্তা, ৰিটাৰ্ণিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াক মহাবিদ্যালয় কেম্পাছত আৱদ্ধ কৰি গেটত তলা ওলোমাই ৰাখে ৷ অৱশ্যে অধ্যক্ষগৰাকী ক্ষন্তেক পিছতেই মহাবিদ্যালয়ৰ পৰা ওলাই যায় যদিও একাংশ প্ৰবক্তা, ৰিটাৰ্ণিং আৰু প্ৰিজাইডিং বিষয়াসহ কেইবাজনকো আৱদ্ধ কৰি ৰাখি বিভিন্ন শ্লোগানেৰে শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে উত্তেজিত শিক্ষাৰ্থীয়ে সংবাদমাধ্যক জানিবলৈ দিয়া মতে, ধুবুৰী আইন মহাবিদ্যালয়ত দীৰ্ঘ দিনে বিভিন্ন দুৰ্নীতি চলি আহিছে ৷ সেয়ে নিজৰ ইচ্ছামতেই একাংশ প্ৰাৰ্থীক নিৰ্বাচনৰ পৰা বঞ্চিত কৰি মহাবিদ্যালয় কর্তৃপক্ষই নিজৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচিত কৰাব বিচাৰিছে বুলি খঙত অগ্নিশৰ্মা হৈ পৰে শিক্ষাৰ্থীসকল ৷ পিছত পৰিস্থিতি অধিক অৱনতি ঘটাৰ ফলত ধুবুৰী বি এন কলেজ নগৰ আৰক্ষীৰ দল এটা উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে মহাবিদ্যালয়ত উপস্থিত হৈ আবদ্ধ হৈ থকা ৰিটাৰ্ণিং আৰু প্ৰিজাইডিং বিষয়াসহ প্ৰৱক্তাসকলক তলা খুলি মোকলাই পৰিস্থিতি শান্ত কৰে ৷

উল্লেখ্য যে, অহা ২২ ডিচেম্বৰত ধুবুৰী আইন মহাবিদ্যালয়ত (Dhubri Law college election) ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ যোৱা 16 ডিচেম্বৰত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিচত ছটা পদৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় ৷ এতিয়া প্ৰশ্ন হয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত কুটিল ৰাজনীতিকৰণ কৰাৰ চেষ্টা কৰা হৈছে নেকি একাংশ দল সংগঠনৰ দ্বাৰা ?

লগতে পঢ়ক: Road Safety Awareness in Guwahati: আইন ভংগকাৰীৰ বিৰুদ্ধে শীঘ্ৰেই আৰম্ভ হ’ব কুৰুক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.