নিউজ ডেস্ক, 25 মাৰ্চঃ আজি দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো লক ডাউন চলি থকাৰ সময়ত ধুবুৰী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বীজাণু নাশক দ্ৰব্যৰে স্প্ৰে কৰা হয় ধুবুৰী জিলা সদৰ চহৰ ৷ ধুবুৰী পৌৰসভা আৰু দুৰ্যোগ প্ৰসমণ বিভাগৰ তৰফৰ পৰা ধুবুৰী সদৰ চহৰৰ চক বজাৰ, নিউ মাৰ্কেট, বৌ বজাৰ আদিকে ধৰি বিভিন্ন অঞ্চলত চেনিটাইজ কৰা হয়।
আনহাতে বিশ্বনাথ জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনৰ নেতৃত্বত আজি বিশ্বনাথ চহৰৰ বাট পথবোৰো চেনিটাইজ কৰা হয় ৷
তেজপুৰ পৌৰ প্ৰশাসনেও ইতিমধ্যে গ্ৰহণ কৰিছে চেনিটাইজেশ্যনৰ ব্যৱস্থা ৷ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয় আৰু উক্ত মূল পথৰ পৰা আৰম্ভ কৰি সমগ্ৰ চহৰৰ ৰাজপথতে কৰা হৈছে চেনিটাইজেশ্যন ৷
ভিন্ন প্ৰান্তৰ লগতে কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ ধিঙতো চলিছে বীজাণুমুক্ত অভিযান । কৰ'ণা ভাইৰাছ যাতে সংক্ৰমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে ধিং পৌৰসভা এলেকাৰ সমূহ ৰাজপথত চেনিটাইজ কৰা পৰিলক্ষিত হয় ৷
হাফলং চহৰতো বুধবাৰে সন্ধিয়া ডিমা হাছাও জিলা প্ৰশাসনে চেনিটাইজ কৰে ৷ হাফলং চহৰৰ বিভিন্ন ঠাইত ইএচচি হেমাংগ নোবিচ, আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপস্থিতিত দমকল বাহিনীয়ে হাফলং চহৰত চেনিটাইজ অভিযান চলায় ৷
লগতে পঢ়কঃ বৰ্তমানেও সজাগ নহয় হাফলঙবাসী