ধুবুৰী, 10 জানুৱাৰী : হিমন্ত বিশ্ব শৰ্মাক এইবাৰ পানীৰ সৈতে তুলনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে ৷ সাংবাদিকৰ আগত তেওঁ কয় , হিমন্ত বিশ্ব শৰ্মাক যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকাৰ লয় ৷ কংগ্ৰেছত থাকোতে কংগ্ৰেছৰ আকাৰ আৰু বিজেপিলৈ যোৱা পিচত বিজেপিৰ আকাৰ ল'লে বুলি হিমন্তক কটাক্ষ কৰে ৰকিবুল হুছেইনে ৷
উল্লেখ্য যে, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এক অনুষ্ঠানত সাংসদ গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ এই কাৰ্যসূচীৰ পিচতেই সাংবাদিকক সম্বোধন কৰে ৰকিবুল হুছেইনে ৷
সাংবাদিকৰ আগত তেওঁ আৰু কয়, হিমন্ত বিশ্বৰ মাত-কথা শুনিলে বিজেপিৰ একাংশৰ নেতাই পৰিয়ালৰ সৈতে টিভি চাই থাকিলেও টিভি বন্ধ কৰি দিয়ে ৷ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ নাম উল্লেখ নকৰাকৈ অসমৰ সমন্বয়ৰ বান্ধ ছিঙিবলৈ যিমানেই চেষ্টা কৰিব কংগ্ৰেছে সিমানেই গজাল হাতুৰী লৈ যোৰা লগাব বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷
ইফালে সাৰদা কেলেংকৰী বিষয়টোও সাংবাদিকৰ আগত উপস্থাপন কৰে ৰকিবুল হুছেইনে ৷ "হিমন্ত বিশ্ব শৰ্মাই কৰা ভুলৰ পৰিণাম এদিন তেওঁ ভোগ কৰিব " ৰকিবুল হুছেইনে কয় ৷
ইয়াৰ সমান্তৰালভাৱে বিজেপিয়ে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰি আছে ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ অসমত কেইবাটাও আঞ্চলিক দলৰ গঠন হৈছে বুলি মন্তব্য প্ৰকাশ কৰে ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক : অচ্যুৎ শইকীয়াৰ প্ৰশ্ন : অগপলৈ টকা ক'ৰ পৰা আহে ?