গোলকগঞ্জ, 29 এপ্ৰিলঃ এম্বুলেঞ্চত এগৰাকী ব্যক্তিৰ নশ্বৰ দেহ লৈ 17 ঘন্টা ৰৈ থাকিল অসম-বংগ সীমান্তত । উল্লেখ্য যে, পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ নিৱাসী হুছেইন আলী, 24 এপ্ৰিলত অসুস্থ হৈ পৰাত চিকিৎসাধীন হৈছিল জিএমচিএইচত । কিন্তু হৃদ ৰোগত আক্ৰান্ত হোৱা লোকজনৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । কৰ্মসুত্ৰে হুছেইন আলীয়ে আমিনগাৱঁত বাস কৰিছিল ।
হুছেইন আলীৰ শৱদেহ অন্তিম বাৰৰ বাবে দৰ্শন কৰিবলৈ তেওঁৰ পত্নীয়ে অনুৰোধ কৰাৰ বাবে শৱদেহ লৈ গুৱাহাটীৰ পৰা এখন এম্বুলেঞ্চেৰে ৰাওনা হৈছিল 3 গৰাকী লোক । কিন্তু অসম-বংগ সীমান্তৰ ছাগলীয়াত 17 ঘন্টা অপেক্ষা কৰাৰ পাছতো পশ্চিম বংগত প্ৰৱেশৰ বাবে বাধা প্ৰদান কৰে বংগ প্ৰশাসনে । ফলত পুনৰ মৃতদেহ লৈ গুৱাহাটীলৈ ৰাওনা হ'বলগীয়া লোক কেইজন ।
লগতে পঢ়কঃ ভাৰতত COVID-19 আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা !