পূৱ বিলাসীপাৰা, ১ আগষ্ট : পুনৰ চৰ্চালৈ আহিছে বিটিআৰ (BTR) প্ৰসংগ ৷ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰা অনুসৰি, ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অবড়ো কেইবাখনো গাঁও অন্তৰ্ভূক্ত হৈছে বিটিআৰ (BTR)ত ৷ এই তথ্য লাভ কৰাৰ পাচতেই ক্ষোভিত হৈ পৰিছে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰা অনুসৰি শাসনাধীস্থ চৰকাৰ খনে চাপৰ ৰাজহ চক্ৰৰ অবড়ো কেইবাখনো গাঁও বিটিআৰ বিটিআৰ (BTR)ত অন্তৰ্ভুক্তকৰণৰ গভীৰ চক্ৰান্ত চলাই আছে ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলাৰ সভাপতি আখতাৰ হুছেইনে জানিবলৈ দিয়া মতে, ভাইৰেল হৈ পৰিছে বিটিআৰ (BTR)ৰ এখন মানচিত্ৰ ৷ যি মানচিত্ৰত বিটিআৰ (BTR)ৰ বাহিৰৰ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও বিটিআৰ (BTR)ৰ অন্তৰ্ভুক্ত বুলি দেখুওৱা হৈছে ৷
মানচিত্ৰখনত চাপৰৰ কৃষ্ণকলি-ফলিমাৰী গাঁও পঞ্চায়তৰ ফলিমাৰী গাঁও, ধীৰবিলৰ বৃহৎ অঞ্চল আৰু ৰঙামাটি গাঁও পঞ্চায়তৰ চৈবাৰী হিন্দুপাৰা গাঁৱৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন গাঁও কু-চক্ৰান্ত কৰি বিটিআৰ (BTR)ত অন্তৰ্ভুক্ত কৰাৰ বাবে এটা চক্ৰই অপচেষ্টা চলাই আছে ।
উল্লেখযোগ্য যে, ফলিমাৰী গাঁৱত বড়ো লোকৰ সংখ্যা শূন্য শতাংশ । আনহাতে, চৈবাৰী হিন্দুপাৰা গাঁৱৰ জনগাঁথনিমতে বড়ো লোকৰ সংখ্যা তিনি শতাংশতকৈ কম । তেনেক্ষেত্ৰত বিটিআৰ (BTR)ৰ বাহিৰত থকা এই গাঁও সমূহক কিহৰ ভিত্তিত কাৰ ষড়যন্ত্ৰত বিটিআৰ (BTR)ত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷
লগতে পঢ়ক: ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি